নিৰ্বাচন-২০১৯

মোডী মন্ত্ৰীসভাত অমিত শ্বাহ! বিজেপি নেতাই দিলে শুভেচ্ছা…

asomiyapratidin

ডিজিটেল ডেস্কঃ কিছুসময়ৰ পাছতে পুনৰ এবাৰ প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোডীয়ে শপত ল'ব। লগতে শপত ল'ব কেবিনেট মন্ত্ৰী সকলেও। মোডী মন্ত্ৰীসভাত অমিত শ্বাহে স্থান পাব তাক লৈ উৎকন্ঠা মাৰ নৌযাওতেই গুজৰাটৰ প্ৰদেশ বিজেপিৰ অধ্যক্ষ জিতু বাঘানীয়ে টুইটাৰযোগে শ্বাহক শুভেচ্ছা জ্ঞাপন কৰে।

বৃহস্পতিবাৰে অমিত শ্বাহক দিল্লীত সাক্ষাৎ কৰাৰ পাছত জিতু বাঘানীয়ে টুইটাৰত লিখিছে নৰেন্দ্ৰ মোডীৰ নেতৃত্বত কেন্দ্ৰীয় মন্ত্ৰীমণ্ডলৰ এজন শক্তিশালী নেতা হিচাপে আমাক পথ প্ৰদৰ্শক অমিত শ্বাহে স্থান পোৱাৰ বাবে তেওলৈ অলেখ শুভেচ্ছা জ্ঞাপন কৰিলো।

উল্লেখ্য যে,বৰ্তমান বিজেপিৰ সভাপতিৰ দায়িত্বত থকা অমিত শ্বাহ মন্ত্ৰীসভাত অন্তভূক্ত হ'ব নে নাই সেয়া এতিয়াও স্পষ্ট হোৱা নাই। খবৰ অনুসৰি বিজেপিৰ বহু শীৰ্ষনেতাই শ্বাহক সভাপতি হিচাপেই থকাতো বিচাৰিছে।