নিৰ্বাচন-২০১৯

উত্তৰপ্ৰদেশত কিমান সুৰক্ষিত ইভিএম? কোনে চেষ্টা চলাইছে টেম্পাৰিঙৰ…

asomiyapratidin

ডিজিটেল ডেস্কঃ উত্তৰপ্ৰদেশৰ চাণ্ডাৱলী সংসদীয় সমষ্টিটোত সংঘটিত হৈছে এক ইভিএম বিতৰ্ক। সোমবাৰে ষ্ট্ৰং ৰূমলৈ এখন বাহনেৰে লৈ অহা ইভিএমক লৈ প্ৰশ্ন তোলে বিৰোধীয়ে। কাউণ্টিং চেন্টাৰ কমপ্লেক্সত থকা এটা কোঠাত ইভিএমবোৰ নমাই থওঁতে সমাজবাদী পাৰ্টিৰ প্ৰাৰ্থীয়ে এই সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে।

এই সন্দৰ্ভত প্ৰশাসনে কোনো সুউত্তৰ দিব নোৱাৰিলে। তেওঁলোকৰ মতে, ৰিজাৰ্ভ ইভিএমসমূহ এইদৰে লৈ অহা হৈছে। কিন্তু নিৰ্বাচন আয়োগৰ নিৰ্দেশ অনুসৰি ভোটগ্ৰহণ ইভিএমসমূহ একেদিনাই আন ইভিএমসমূহো লৈ আহিব লাগে।

ইফালে, উত্তৰপ্ৰদেশৰ আন এক সমষ্টি ঘাজিপুৰৰ সমাজবাদী দলৰ সমৰ্থকসকলে ই ভি এম টেম্পাৰিং কৰাৰ অভিযোগ তুলি প্ৰায় ৬ ঘণ্টা সোমবাৰৰ নিশা ধৰ্ণাত বহে। ইয়াৰ পাছতেই পূৰ্বতে ষ্ট্ৰং ৰূমৰ সন্মুখত প্ৰতিটো ৰাজনৈতিক দলৰ তিনিজনকৈ প্ৰতিনিধি থকাৰ সুবিধা হৈছিল যদিও, সেই প্ৰতিনিধিৰ সংখ্যা বৃদ্ধি কৰি ৫জন কৰা হয়।

আনহাতে, ৰাজ্যখনৰ ধুমাৰীয়াগঞ্জতো ইভিএম সাল-সলনি কৰা আন এক ঘটনা পোহৰলৈ আহিছে। উত্তৰপ্ৰদেশত ষ্ট্ৰং ৰূমত থকা ইভিএম সমূহ কিমান নিৰাপদ তাক লৈ এতিয়া প্ৰশ্ন উঠিছে। লক্ষণীয় যে, নিৰ্বাচন আয়োগৰ নিৰ্দেশ অনুসৰি ব্যৱহাৰ কৰা ইভিএমসমূহ আৰু ৰিজাৰ্ভ ই ভিএম সমূহ আৰক্ষী আৰু নিৰাপত্তাৰক্ষী বাহিনীৰ নিৰাপত্তাত থাকিব লাগে। নিৰ্বাচনৰ পাছতেই এই ইভিএমসমূহ জমা দিব লাগে যদিও, ৰাজ্যখনত সংঘটিত এই ইভিএমৰ বিংসগতি কাণ্ডই চকু কপালত তুলিছে বিৰোধীৰ।