নিৰ্বাচন-২০১৯

নিৰ্বাচনী প্ৰচাৰ অন্ত পৰাৰ ২০ ঘন্টা পূৰ্বেই পশ্চিম বংগত ৰেলী আৰু প্ৰচাৰ সভাত বাধা নিৰ্বাচন আয়োগৰ

asomiyapratidin
  • মঙলবাৰে পশ্চিমবংগত সৃষ্টি হোৱা হোৱা অপ্ৰীতিকৰ পৰিস্থিতিৰ পিছতে নিৰ্বাচন আয়োগৰ কঠোৰ সিদ্ধান্ত।
  • নিৰ্বাচনী প্ৰচাৰৰ অন্ত পৰাৰ ২০ ঘন্টা পূৰ্বেই ৰাজ্যখনত নিষেধাজ্ঞা জাৰি কৰা হ'ল নিৰ্বাচনী ৰেলী আৰু প্ৰচাৰ সভাত।
  • বুধবাৰে এক সংবাদ মেল যোগে এই নিৰ্দেশ জাৰি কৰে নিৰ্বাচন আয়োগে।
  • ১৬ মে'ৰ পৰা বলবৎ হ'ব এই নিৰ্দেশ।
  • উল্লেখ্য যে, মঙলবাৰে কলকতাত বিজেপিৰ ৰেলীৰ মাজতে সৃষ্টি হৈছিল হিংসাত্মক পৰিস্থিতিৰ।
  • অচিনাক্ত দুৰ্বৃত্তই বিদ্যাসাগৰ মহাবিদ্যালয়ৰ ভিতৰত প্ৰৱেশ কৰি ভঙি পেলায় ইশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ প্ৰতিমূৰ্তি।
  • এই পৰিস্থিতিক লৈ তৃণমূল আৰু বিজেপিৰ মাজত সৃষ্টি হয় ৰাজনৈতিক সংঘাত।