dolbagan hs school
dolbagan hs school  
নিৰ্বাচন-২০১৯

দ'লবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয় শতবৰ্ষ সামৰণি অনুষ্ঠানৰ লাইখুঁটা স্থাপন...

Asomiya Pratidin

ডিজিটেল সংবাদ চৰাইদেউঃ ঐতিহ্যমণ্ডিত চৰাইদেউ পৰ্ব্বতৰ নামনিত ধোদৰ আলিৰ কাষত বৃটিছ আমোলত প্রতিষ্ঠিত হোৱা দ'লবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ে ১০০ বছৰ অতিক্ৰম কৰে। অহা ৪, ৫ আৰু ৬ নৱেম্বৰত তিনি দিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব লগা এই শতবৰ্ষৰ সামৰণি অনুষ্ঠানৰ মূল মণ্ডপৰ আজি লাইখুঁটা স্থাপন কৰা হয় ৷

দিনৰ ১১ বজাত বিদ্যালয়ৰ খেলপথাৰত ভকত বৈষ্ণৱ, টাই পুৰোহিত,গায়ন- বায়নৰ উপস্থিতি মাংগলিক ধ্বনিৰে লাইখুঁটা স্থাপন কৰা হয় ৷ কাৰ্যকৰী সভাপতি ধীৰেণ চেতিয়াই আঁতধৰা এই অনুষ্ঠানত সোণাৰি সমষ্টিৰ বিধায়ক তথা উদযাপন সমিতিৰ সভাপতি ধৰ্মেশ্বৰ কোঁৱৰে অংশগ্ৰহণ কৰি তিনিওটা দিনৰ সকলো কাৰ্যসূচীত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী তথা জনসাধাৰণৰ উপস্থিতি আৰু সহযোগিতা কামনা কৰে ৷

উল্লেখ্য যে,শতবৰ্ষ সামৰণি অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তুলিবলৈ উদযাপন সমিতিয়ে ব্যাপক উৎসাহ–উদ্দীপনাৰে গৌৰৱোজ্জ্বল শতবৰ্ষৰ সামৰণি অনুষ্ঠানৰ প্ৰস্তুতিৰ কাম-কাজ অব্যাহত ৰাখিছে ৷