নিৰ্বাচন-২০১৯

১০জনপথত কংগ্ৰেছৰ মাৰাথন বৈঠক, এতিয়াও চূড়ান্ত হোৱা নাই অসমৰ প্ৰাৰ্থী তালিকা

asomiyapratidin

ডিজিটেল সংবাদ, নতুন দিল্লীঃ শুকুৰবাৰে নিশা ৮.৩০ বজালৈকে চি ডব্লিউ চিয়ে চীল মোহৰ মৰা নাই অসমৰ ১৪ লোকসভা সমষ্টিৰ প্ৰাৰ্থীৰ চূড়ান্ত তালিকাত। ছোনীয়া গান্ধীৰ ১০জনপথস্থিত বাসভৱনত ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী, মনমোহন সিং, অসমৰ পৰ্যবেক্ষক হৰিশ ৰাৱট, অসম প্ৰদেশ কংগ্ৰেছৰ দুই নেতা ক্ৰমে ৰিপুন বৰা আৰু দেবব্ৰত শইকীয়াসহ হাই প্ৰফাইল নেতাৰ মাজত দিনৰ পৰাই অব্যাহত আছে প্ৰাৰ্থী নিৰ্বাচনৰ মাৰাথন বৈঠক।

ইতিমধ্যে ছিকিমসহ উত্তৰ-পূৱৰ আন কেইখন ৰাজ্যৰ প্ৰাৰ্থী তালিকা চূড়ান্ত কৰা বুলি জানিব পৰা গ'লেও বৰ্তমানলৈকে এই তালিকাও আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা হোৱা নাই। ইফালে, অসমৰ ১৪ টা সমষ্টিৰ বাবে প্ৰাৰ্থী বাচনিৰ ক্ষেত্ৰত অত্যাধিক সতৰ্কতা অবলম্বন কৰিছে এ আই চি চিৰ নেতৃবৰ্গই।

কংগ্ৰেছৰ এক শীৰ্ষ সূত্ৰৰ মতে, শনিবাৰলৈহে শাসক দল বিজেপিয়ে চূড়ান্ত প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিব। আনহাতে ৰাজ্যিক বিজেপিয়ে প্ৰস্তুত কৰি পঠিওৱা পেনেলত তেজপুৰৰ সাংসদ আৰ পি শৰ্মাক বাদ দিয়াৰ লগতে যোৰহাট আৰু নগাঁৱৰ দুই সাংসদৰ নাম দ্বিতীয় স্থানতহে ৰখাৰ দিশটোলৈও সতৰ্ক দৃষ্টি ৰাখিছে কংগ্ৰেছ নেতৃত্বই।

সূত্ৰটোৰ মতে, বিজেপিৰ সাম্ভাব্য প্ৰাৰ্থীৰ বিৰুদ্ধে তীব্ৰ প্ৰত্যাহ্বান সৃষ্টি কৰি বিজয় সাব্যস্ত কৰিব পৰা প্ৰাৰ্থীৰ বাচনিৰ বাবে বহু দিশ বিবেচনালৈ অনা হৈছে। এনে পৰিপ্ৰেক্ষিততে প্ৰদেশ কংগ্ৰেছে প্ৰস্তুত কৰা পেনেল অথবা ইতিমধ্যে ৰাজ্যত চৰ্চিত হৈ থকা একাংশ প্ৰাৰ্থীৰ নাম চূড়ান্ত তালিকাত প্ৰকাশ নাপাবও পাৰে। ইয়াৰ বিপৰীতে কোনো ধৰণৰ চৰ্চালৈ নহা অথচ প্ৰভাৱশালী ব্যক্তলৈ কোনো সমষ্টিত আগবঢ়োৱা হ'ব পাৰে প্ৰাৰ্থিত্ব।

এনে পৰিপ্ৰেক্ষিতত কেইবাদিনো আগৰে পৰা দিল্লীত গৈ বাহৰ পাতি থকা অসমৰ কংগ্ৰেছৰ প্ৰাৰ্থিত্বৰ দাবীদাৰসকল বাৰুকৈয়ে উৎকণ্ঠিত হৈ পৰিছে। ইয়াৰ পৰা বাদ পৰি ৰোৱা নাই প্ৰাক্তন সাংসদ তথা মন্ত্ৰী ভূৱনেশ্বৰ কলিতাৰ দৰে বৰ্ষীয়ান নেতাও। বহুতে আকৌ অসম ভৱন আৰু ওচৰ পাজৰৰ হোটেল, গেষ্ট হাউচত শিৱিৰ পাতি গভীৰ উৎকণ্ঠাৰে পাৰ কৰিছে সময়।

আন এক সূত্ৰই জানিবলৈ দিয়া মতে, শুকুৰবাৰে প্ৰাৰ্থীৰ তালিকা চূড়ান্ত হ'লেও শনিবাৰে পুৱাৰ ভাগতহে ইয়াত আনুষ্ঠানিক চীল মোহৰ মাৰিব চি ডব্লিউ চিয়ে। তাৰ পিছতহে কাৰ সপোন ফলিয়াই, কোন বিষাদেৰে দিল্লীৰ পৰা উভতিব লগা হয় সেয়া নিশ্চিত হ'ব।