নিৰ্বাচন-২০১৯

লালুৰ জামিনৰ বিৰোধিতা চিবিআইৰ, আদালতক জনালে- স্বাস্থ্যৰ বাবে নহয়, ৰাজনৈতিক কাৰণত বিচাৰিছে জামিন

asomiyapratidin

ডিজিটেল ডেস্কঃ পশু খাদ্য কেলেংকাৰীত অভিযুক্ত হৈ কাৰাবাস খাটি থকা বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আৰজেডিৰ অধ্যক্ষ লালু প্ৰসাদ যাদৱৰ জামিনৰ বিৰোধিতা কৰিছে চিবিআইয়ে। মঙলবাৰে চিবিআইয়ে উচ্চতম ন্যায়ালয়ত এক আবেদন দাখিল কৰি লালু প্ৰসাদৰ জামিনৰ বিৰোধিতা কৰে।

চিবিআইয়ে ইয়াৰ কাৰণ দৰ্শাই কয়, 'লালু প্ৰসাদে চিকিৎসালৰ পৰাই ৰাজনৈতিক গতিবিধিৰ পৰিচালনা কৰি আছে। তেওঁ কাৰাগাৰত নাথাকি স্বাস্থ্যৰ অসুস্থতা দেখুৱাই চিকিৎসালয়ৰ বিশেষ কক্ষত আৰামদায়ক সময় পাৰ কৰি আছে। লালুৱে আগন্তুক লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত অসুস্থতাৰ বাবে জামিন বিচাৰি আদালতক বিপথে পৰিচালিত কৰিছে।' ৰাজনৈতিক কাৰণত লালু প্ৰসাদে জামিন লাভ কৰাটো অনুচিত বুলিও আদালতক জনায় চিবিআইয়ে।

চিবিআইয়ে উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদনত কয় যে যদি লালু প্ৰসাদ যাদৱে ভোগ কৰা শাস্তিৰ গণনা কৰা হয় তেন্তে তেওঁ ২৭.৫ বছৰ কাৰাবাসৰ শাস্তি লাভ কৰিছে। কিন্তু এই মুহূৰ্তলৈ তেওঁ মাত্ৰ ৩.৫ বছৰ কালহে কাৰাবাসত কটাইছে। উল্লেখ্য যে, পশু খাদ্য কেলেংকাৰীৰ মুখ্য অভিযুক্ত লালু প্ৰসাদৰ জামিন আবেদনত বুধবাৰে উচ্চতম ন্যায়ালয়ে শুনানি গ্ৰহণ কৰিব।

স্মৰ্তব্য যে, লালু প্ৰসাদ যাদৱে তেওঁৰ স্বাস্থ্যৰ দোহাই দি জমিন বিচাৰি আবেদন দাখিল কৰিছিল। যাৰ পৰিপ্ৰেক্ষিতত ১৫ মাৰ্চত উচ্চতম ন্যায়ালয়ে এই সন্দৰ্ভত চিবিআইৰ পৰা উত্তৰ বিচাৰি জাননী জাৰি কৰিছিল। লালুপ্ৰসাদ যাদৱে তেওঁৰ জামিন আবেদনত এটা গোচৰত তেওঁ ২২ মাহ, দ্বিতীয় গোচৰত তেওঁ ১৩ মাহ আৰু তৃতীয়টো গোচৰত তেওঁ ২১ মাহ কাৰাদণ্ড ভোগ কৰা বুলি প্ৰকাশ কৰিছিল।