হাওৰাঘাট, বকলীয়াঘাটত অমৰছিং তিছ'ৰ হৈ তুলিৰাম ৰংহাঙৰ নিৰ্বাচনী প্ৰচাৰ...
হাওৰাঘাট, বকলীয়াঘাটত অমৰছিং তিছ'ৰ হৈ তুলিৰাম ৰংহাঙৰ নিৰ্বাচনী প্ৰচাৰ... 
লোকসভা ২০২৪

হাওৰাঘাট, বকলীয়াঘাটত অমৰছিং তিছ'ৰ হৈ তুলিৰাম ৰংহাঙৰ নিৰ্বাচনী প্ৰচাৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ হাওৰাঘাটঃ কাৰ্বি আংলং জিলাৰ হাওৰাঘাটৰ বেলগুৰি গাঁৱৰ খেলপথাৰত আৰু বকলীয়াঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত একে দিনাই দুই ঠাইত ডিফু লোকসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী অমৰছিং তিছ'ৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে কাৰ্বি আংলং জিলা স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড° তুলিৰাম ৰংহাঙে । এই নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত থাকে ক্ৰমে কাৰ্বি আংলং জিলাৰ প্ৰভাৰীৰ দায়িত্বত থকা ড° বিজয় কুমাৰ গুপ্তা, হাওৰাঘাট বিধানসভা সমষ্টিৰ বিধায়ক দৰছিং ৰংহাং, ডিফু লোকসভা সমষ্টিৰ প্ৰাৰ্থী অমৰছিং তিছ', সাংসদ হৰেণছিং বে', ডিফুৰ বিধানসভা সমষ্টিৰ বিধায়ক বিদ্যাছিং ইংলেং, উপাধ্যক্ষ অজিত কুমাৰ দে' আদি বহু বিজেপি নেতা কৰ্মী।

নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত থাকি মুখ্য কাৰ্যবাহী সদস্য ড° তুলিৰাম ৰংহাং, বিধায়ক দৰছিং ৰংহাং আৰু ড° বিজয় কুমাৰ গুপ্তাই নৰেন্দ্ৰ মোদীক পুনৰ ভাৰতৰ প্ৰধানমন্ত্ৰী কৰাৰ বাবে ডিফু লোকসভা সমষ্টিৰ প্ৰাৰ্থী অমৰছিং তিছ'ক বিপুল ভোটৰ ব্যৱধানত জয়ী কৰাবলৈ আহ্বান জনায়। উল্লেখযোগ্য যে, বকলীয়াঘাটত অনুষ্ঠিত হোৱা বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ সভাত কাৰ্যবাহী সদস্য মধুৰাম লেকথেৰ নেতৃত্বত বিৰোধী দলৰ কেইবা শতাধিক লোকে আনুষ্ঠানিকভাবে বিজেপি দলত যোগদান কৰে ।