নিৰ্বাচন আয়োগে জাৰি কৰা তথ্য অনুসৰি সন্ধিয়া ৫.৩১ বজালৈ ৰাজ্যখনত ৬৯.৯১ শতাংশ ভোটদান হৈছে। মেঘালয়ৰ দুখন আসনৰ ভিতৰত শ্বিলঙত ভোট দানৰ হাৰ ৭০.২৬ শতাংশ আৰু তুৰাত ভোটদানৰ হাৰ ৬৯.৩১ শতাংশ।
গণতন্ত্ৰৰ উৎসৱত অংশগ্ৰহণ কৰি নিজৰ অধিকাৰ সাব্যস্ত কৰাৰ সুখ। তামিলনাডুত ১০২ বছৰীয়া এগৰাকী বৃদ্ধাই খোজেৰে আহি সাব্যস্ত কৰিলে ভোটাধিকাৰ।
নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি দিনৰ ৩ বজালৈকে আন্দামান আৰু নিকোবৰত ৪৫.৪৮ শতাংশ, অৰুণাচল প্ৰদেশত ৫৫.৫৮ শতাংশ, অসমত ৬০.৭০ শতাংশ, বিহাৰত ৩৯.৭৩ শতাংশ, ছত্তিশগড়ত ৫৮.১৪ শতাংশ, জম্মু আৰু কাশ্মীৰত ৫৭.০৯ শতাংশ, লক্ষাদ্বীপত ৪৩.৯৮ শতাংশ, মধ্যপ্ৰদেশত ৫৩.৪০ শতাংশ, মহাৰাষ্ট্ৰত ৪৪.১২ শতাংশ, মণিপুৰত ৬৩.০৩ শতাংশ, মেঘালয়ত৬১.৯৫ শতাংশ, মিজোৰামত ৪৯.৯৭শতাংশ, নাগালেণ্ডত ৫৩.৩৮ শতাংশ, পুডুচেৰীত ৫৮.৮৬ শতাংশ, ৰাজস্থানত ৪১.৫১ শতাংশ, ছিকিমত ৫২.৭২ শতাংশ, তামিলনাডুত ৫১.১৮ শতাংশ, ত্ৰিপুৰাত ৬৮.৩৫ শতাংশ, উত্তৰ প্ৰদেশত ৪৭.৪৪ শতাংশ, উত্তৰাখণ্ডত ৪৫.৬২ শতাংশ আৰু পশ্চিমবংগত ৬৬.৩৪ শতাংশ ভোটাধিকাৰ সাব্যস্ত হৈছে।
বংগৰ অগ্নিকন্যা মমতাই হেনো মিছা নকয়। সংসাৰত শান্তি বজাই চলাবলৈ যিখিনিৰ প্ৰয়োজন সেইখনিৰ বাহিৰে বেলেগ মিছা কথা নকয়। অপ্ৰয়োজনীয় মিছা কথা নোকোৱা মমতাই কৈছে, এইবাৰ লোকসভা নিৰ্বাচনত সমগ্ৰ দেশত ২০০ খনো আসন লাভ নকৰে হেনো বিজেপিয়ে।তেওঁৰ মতে লোকসভা নিৰ্বাচনৰ পূৰ্বে যিসমূহ সমীক্ষা প্ৰকাশ পাইছে সেই সকলোবোৰ ভুৱা। তেওঁৰ মতে এই সমীক্ষাসমূহত বিজেপিক ইচ্ছাকৃতভাৱে আগত ৰখা হৈছে। এইসকলো ভুৱা। সমগ্ৰ দেশত বিজেপিয়ে ২০০ খনো আসন লাভ নকৰে। লাখ লাখ টকা খৰচ কৰি এই ভুৱা সমীক্ষা প্ৰচাৰ কৰা হৈছে। এই সমীক্ষাত কাণ দিব নালাগে। মানুহৰ চকুৱেই কৈছে বিজেপিৰ পৰাজয় নিশ্চিত।
মণিপুৰত ব্যাহত ভোটগ্ৰহণ প্ৰক্ৰিয়া। পূব ইম্ফলত ২ টা আৰু পশ্চিম ইম্ফলত ৩ ভোট কেন্দ্ৰত বন্ধ কৰা হৈছে ভোটগ্ৰহণ। এই ভোট কেন্দ্ৰ কেইটাত অনিয়মৰ অভিযোগ তুলিছিল ভোটাৰে।
নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি দিনৰ ১ বজালৈকে আন্দামান আৰু নিকোবৰত ৩৫.৭০ শতাংশ, অৰুণাচল প্ৰদেশত ৩৫.৭৫ শতাংশ, অসমত ৪৫.১২ শতাংশ, বিহাৰত ৩২.৪১ শতাংশ, ছত্তিশগড়ত ৪২.৫৭ শতাংশ, জম্মু আৰু কাশ্মীৰত ৪৩.১১ শতাংশ, লক্ষাদ্বীপত ২৯.৯১ শতাংশ, মধ্যপ্ৰদেশত ৪৪.৪৩ শতাংশ, মহাৰাষ্ট্ৰত ৩২.৩৬ শতাংশ, মণিপুৰত ৪৬.৯২ শতাংশ, মেঘালয়ত ৪৮.৯১ শতাংশ, মিজোৰামত ৩৭.৪৩ শতাংশ, নাগালেণ্ডত ৩৯.৩৩ শতাংশ, পুডুচেৰীত ৪৪.৯৫ শতাংশ, ৰাজস্থানত ৩৩.৭৩ শতাংশ, ছিকিমত ৩৬.৮২ শতাংশ, তামিলনাডুত ৩৯.৫১ শতাংশ, ত্ৰিপুৰাত ৫৩.০৪ শতাংশ, উত্তৰ প্ৰদেশত ৩৬.৯৬ শতাংশ, উত্তৰাখণ্ডত ৩৭.৩৩ শতাংশ আৰু পশ্চিমবংগত ৫০.৯৬ শতাংশ ভোটাধিকাৰ সাব্যস্ত হৈছে।
আজি ভোটগ্ৰহণ অনুষ্ঠিত হোৱা ১০২ টা লোকসভা সমষ্টিৰ ১৬২৫ গৰাকী প্ৰাৰ্থিৰ ভিতৰত ৬ গৰাকী বিশেষ প্ৰাৰ্থিৰ ওপৰত নিবদ্ধ হৈ আছে দেশবাসীৰ দৃষ্টি। এই প্ৰাৰ্থি কেইগৰাকী ক্ৰমে বিজেপিৰ জ্যেষ্ঠ নেতা প্ৰাক্তন সভাপতি, কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু, লোকসভাৰ বিৰোধী দলৰ উপ-দলপতি গৌৰৱ গগৈ, মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কমল নাথৰ পুত্ৰ নকুল নাথ আৰু পি চিদাম্বৰমৰ কন্যা কাৰ্তি চিদাম্বৰম।
ভোটগ্ৰহণ অব্যাহত থকাৰ মাজতে মণিপুৰত সংঘটিত হৈছে এক গুলীচালনাৰ ঘটনা।ইনাৰ মণিপুৰ সমষ্টিৰ Thamanpokpi ভোটগ্ৰহণ কেন্দ্ৰৰ বাহিৰত সংঘটিত হৈছে এই ঘটনা।
নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি দিনৰ ১১ বজালৈকে আন্দামান আৰু নিকোবৰত ২১.৮২ শতাংশ, অৰুণাচল প্ৰদেশত ১৯.৪৯ শতাংশ, অসমত ২৭.২২ শতাংশ, বিহাৰত ২০.৪২ শতাংশ, ছত্তিশগড়ত ২৮.১২ শতাংশ, জম্মু আৰু কাশ্মীৰত ২২.৬০ শতাংশ, লক্ষাদ্বীপত ১৬.৩৩ শতাংশ, মধ্যপ্ৰদেশত ৩০.৪৬ শতাংশ, মহাৰাষ্ট্ৰত ১৯.১৭ শতাংশ, মণিপুৰত ২৮.৮৬ শতাংশ, মেঘালয়ত ৩৩.১২ শতাংশ, মিজোৰামত ২৭.৬১ শতাংশ, নাগালেণ্ডত ২৩.২৮ শতাংশ, পুডুচেৰীত ২৮.১০ শতাংশ, ৰাজস্থানত ২২.৫১ শতাংশ, ছিকিমত ২১.২০ শতাংশ, তামিলনাডুত ২৩.৭৯ শতাংশ, ত্ৰিপুৰাত ৩৪.৫৪ শতাংশ, উত্তৰ প্ৰদেশত ২৫.২০ শতাংশ, উত্তৰাখণ্ডত ২৪.৮৩ শতাংশ আৰু পশ্চিমবংগত৩৩.৫৬ শতাংশ ভোটাধিকাৰ সাব্যস্ত হৈছে।
উত্তৰ প্ৰদেশত ভোটগ্ৰহণৰ মাজতে অথন্তৰ। সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেখ সিং যাদৱে উত্থাপন কৰিছে গুৰুতৰ অভিযোগ। তেওঁ দাবী কৰিছে ৰাজ্যখনৰ ৰামপুৰ আৰু মুজাফৰনগৰ এলেকাৰ ভোট কেন্দ্ৰত ইভিএমত খেলি মেলি হৈছে। ইয়াৰোপৰি সমাজবাদী পাৰ্টিৰ প্ৰাৰ্থি হৰেন্দ্ৰ মালিকে অভিযোগ কৰিছে মুজাফৰনগৰৰ বিজেপি প্ৰাৰ্থি তথা মন্ত্ৰী সঞ্জীৱ বালিয়ানে ভোটকেন্দ্ৰ দখল কৰিছে। তেওঁ নিৰ্বাচন আয়োগতো অভিযোগ দাখিল কৰিছে। আনহাতে অখিলেখ সিং যাদবে ৰাজ্যখনৰ কেইবাস্থানৰো ভোটকেন্দ্ৰত হিংসাত্মক ঘটনা সংঘটিত হোৱাৰে অভিযোগ উত্থাপন কৰিছে।
মাওবাদী অধ্যুষিত বিজাপুৰত ভোটগ্ৰহণৰ মাজতে সংঘটিত হৈছে এক বিস্ফোৰণৰ ঘটনা। এ এন আইত প্ৰকাশিত খবৰ মতে এৰিয়া ডমিনেচনৰ সময়তে ইউ জি বি এল চেল বিস্ফোৰণত চি আৰ পি এফৰ এজন কেডাৰ আহত হৈছে।
এম এন এম (Makkal Needhi Maiam) ৰ মুৰব্বী কমল হাছানে কায়ামবাদুৰ ভোটকেন্দ্ৰত সাব্যস্ত কৰিলে ভোটাধিকাৰ। এইবাৰ দলটোৱে লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা নাই। ইয়াৰ বিপৰীতে তেওঁলোকে ডি এম কেলৈ আগবঢ়াইছে সমৰ্থন।
নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি পুৱা ৯-৩০ বজালৈকে সৰ্বাধিক ভোটাধিকাৰ সাব্যস্ত হৈছে পশ্চিমবংগত। ৰাজ্যখনত মুঠ ১৫.০৯ শতাংশ ভোটদান হৈছে।
ইয়াৰোপৰি আন্দামান আৰু নিকোবৰত ৮.৬৪ শতাংশ, অৰুণাচল প্ৰদেশত ৪.৯৫ শতাংশ, অসমত ১১.১৫ শতাংশ, বিহাৰত ৯.২৩ শতাংশ, ছত্তিশগড়ত ১২.০২ শতাংশ, জম্মু আৰু কাশ্মীৰত ১০.৪৩ শতাংশ, লক্ষাদ্বীপত ৫.৫৯ শতাংশ, মধ্যপ্ৰদেশত ১৪.১২ শতাংশ, মহাৰাষ্ট্ৰত৬.৯৮ শতাংশ, মণিপুৰত ৭.৬৩ শতাংশ, মেঘালয়ত ১২.৯৬ শতাংশ, মিজোৰামত ৯.৩৬ শতাংশ, নাগালেণ্ডত ৭.৭৯ শতাংশ, পুডুচেৰীত ৭.৪৯ শতাংশ, ৰাজস্থানত ১০.৬৭ শতাংশ, ছিকিমত ৬.৬৩ শতাংশ, তামিলনাডুত ৮.২১ শতাংশ, ত্ৰিপুৰাত ১৩.৬২ শতাংশ, উত্তৰ প্ৰদেশত ১২.২২ শতাংশ আৰু উত্তৰাখণ্ডত ১০.৪১ শতাংশ ভোটাধিকাৰ সাব্যস্ত।
কংগ্ৰেছৰ শ্বিলং সমষ্টিৰ সাংসদ তথা প্ৰাৰ্থি ভিনচেণ্ট পালাই মাতৃৰ সৈতে সাব্যস্ত কৰিলে ভোটাধিকাৰ।
মেঘালয়ৰ টুৰা সমষ্টিৰ সাংসদ তথা এন পি পিৰ প্ৰাৰ্থি আগাঠা চাংমাই ভাতৃ তথা মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ সৈতে সাব্যস্ত কৰিলে ভোটাধিকাৰ।
উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে আজি ভোটদানৰ পূৰ্বে খাটিমাৰ পূৰ্ণগিৰি মন্দিৰত কৰিলে পূজা, অৰ্চনা প্ৰাৰ্থনা কৰে। ৰাজ্যখনৰ পাঁচোটা সংসদীয় সমষ্টিতে আজি অনুষ্ঠিত হৈছে ভোটগ্ৰহণ।
তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু ৰামনাথপুৰম লোকসভা সমষ্টিৰ প্ৰাৰ্থী অ' পন্নীৰচেলভামে থেনিৰ ভোটকেন্দ্ৰত কৰিলে ভোটদান।
উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিজেপিৰ হৰিদ্বাৰৰ প্ৰাৰ্থি ত্ৰিবেন্দ্ৰ সিং ৰাৱটে পত্নী আৰু কন্যাৰ সৈতে সাব্যস্ত কৰিলে ভোটাধিকাৰ।
মণিপুৰৰ দুটা লোকসভা সমষ্টিতো কঠোৰ নিৰাপত্তাৰ মাজেৰে অনুষ্ঠিত হৈছে ভোটগ্ৰহণ। সংঘৰ্ষজৰ্জৰিত মণিপুৰত ভোটগ্ৰহণৰ সময়ত যাতে কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয় তাৰ বাবে নিৰাপত্তা সুনিৰ্দিষ্ট কৰা হৈছে বুলি নিৰাপত্তা বিষয়াসকলে উল্লেখ কৰিছে। যিসকল লোক শিবিৰত আবদ্ধ হৈ আছে তেওঁলোকৰ বাবে বিশেষ ভোটকেন্দ্ৰৰ ব্যৱস্থা কৰিছে।
পুৱা ৭ বজাৰ পৰা উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যতে আৰম্ভ হৈছে ভোটগ্ৰহণ। ইয়াৰ সমষ্টিসমূহত আজি মুঠ ১.৬ কোটি ভোটাৰে ভোটদান কৰিব। অসমৰ ৫ টা সমষ্টিতেই পুৱাৰে পৰা বিভিন্ন ভোটগ্ৰহণ কেন্দ্ৰত ভোট দিবলৈ ভোটাৰৰ দীঘলীয়া শাৰী দেখিবলৈ পোৱা গৈছে। উজনি অসমৰ কিছু অঞ্চলত পুৱাৰে পৰা অহা বৰষুণে কিছু বাধা দিছে যদিও ভোটগ্ৰহণ অব্যাহত আছে।
এক্স (পূৰ্বৰ টুইটাৰ)ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে লিখিছে-আজিৰে পৰা আৰম্ভ হৈছে ২০২৪ চনৰ লোকসভা নিৰ্বাচন! যিহেতু ২১খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ১০২খন আসনৰ বাবে ভোটগ্ৰহণ হ'ব, মই এই আসনসমূহৰ বাবে ভোটদান কৰা সকলোকে অভিলেখ সংখ্যাত ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনাইছো। বিশেষকৈ যুৱক-যুৱতী আৰু প্ৰথমবাৰৰ ভোটদাতাসকলক বৃহৎ সংখ্যাত ভোটদান কৰিবলৈ মই আহ্বান জনাইছো। কাৰণ, প্ৰতিটো ভোটেই মূল্যৱান আৰু প্ৰতিটো কণ্ঠই গুৰুত্বপূৰ্ণ!