লোকসভা ২০২৪

মই এটা ফোন কৰিলেই শোণিতপুৰৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰেমলাল গঞ্জুয়ে বিজেপিত জইন কৰিবঃ মুখ্যমন্ত্ৰীৰ দাবী...

Asomiya Pratidin

ডিজিটেল সংবাদ, গহপুৰঃ  শোণিতপুৰ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্তৰ বাসগৃহত উপস্থিত হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বহুকেইটা বিস্ফোৰক মন্তব্য প্ৰকাশ কৰে। কংগ্ৰেছ বিজেপিৰ ফিক্স ডিপজিট বুলি কটাক্ষ কৰি শৰ্মাই কয় যে, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ২০২৫ চনৰ জানুবাৰী মাহত যোগদান কৰিব ভাৰতীয় জনতা পাৰ্টীৰ। তেওঁৰ বাবে দুটা সমষ্টি ৰেডি কৰি থৈছো।

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে,  ৰাহুল গান্ধীৰ নিজৰে ভবিষ্যত অন্ধকাৰ আৰু ৰাহুল গান্ধীৰ অনুগামি সকলৰ ভবিষ্যত আৰু বেছি অন্ধকাৰ।‘ শোণিতপুৰ লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীৰ সন্দৰ্ভত মন্তব্য কৰি তেওঁ লগতে কয়- শোণিতপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী প্ৰেমলাল গঞ্জুক মই এতিয়াই ফোন কৰিলে বিজেপিত যোগদান কৰিব। কিন্তু এতিয়া নকৰো। কাৰণ মনোনয়ন উঠাই ললে মোদীৰ প্ৰতি মৰম কেনেকে দেখাম। হনুমানেতো নিজৰ বুকু ফালি দেখুৱাইছিল।

এইবাৰ শোণিতপুৰ লোকসভা সমষ্টিৰ দুয়োগৰাকী প্ৰাৰ্থী বিহালী সমষ্টি হোৱাৰ সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত কয় যে-  হয় একো নাই, এতিয়া আমাৰ লগত বৰ্তমান আছে আৰু এজন আমাৰ লগত নিৰ্বাচনৰ পিছত আহিব। উল্লেখ কৰা প্ৰয়োজন যে, অহা বুধবাৰে শোণিতপুৰ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্তই মনোনয়ন দাখিল কৰিব।