সৌন্দৰ্য বৰ্ধনত ভিটামিন ই কেপচুল কিদৰে ব্যৱহাৰ কৰিব, জানি লওক

যদি আপুনি ইয়াক নিয়মীয়াকৈ আপোনাৰ ছাল আৰু চুলিৰ যত্নত ব্যৱহাৰ কৰে, খুব কম দিনৰ ভিতৰতে আপুনি ইয়াৰ সুফল লাভ কৰিব পাৰিব।আজি ভিটামিন ই কেপচুলৰ উপকাৰিতাৰ বিষয়ে জানো আহক-

author-image
Asomiya Pratidin
New Update
সৌন্দৰ্য বৰ্ধনত ভিটামিন ই কেপচুল কিদৰে ব্যৱহাৰ কৰিব, জানি লওক

ডিজিটেল ডেস্ক: আপুনি যদি ছাল আৰু চুলিৰ সমস্যা দূৰ কৰাৰ এক সহজ উপায় বিচাৰি আছে, তেনেহ'লে ভিটামিন ই কেপচুল আপোনাৰ বাবে এক ভাল বিকল্প হিচাপে প্ৰমাণিত হ'ব পাৰে।এই কেপচুল একেবাৰে সহজলভ্য আৰু কম খৰচী।ইয়াৰ হাইড্ৰেটিং আৰু এণ্টি-এজিং গুণাগুণ ছাল আৰু চুলিৰ বাবে অত্যন্ত উপকাৰী বুলি ইতিমধ্যে প্ৰমাণিত হৈছে।যদি আপুনি ইয়াক নিয়মীয়াকৈ আপোনাৰ ছাল আৰু চুলিৰ যত্নত ব্যৱহাৰ কৰে, খুব কম দিনৰ ভিতৰতে আপুনি ইয়াৰ সুফল লাভ কৰিব পাৰিব।আজি ভিটামিন ই কেপচুলৰ উপকাৰিতাৰ বিষয়ে জানো আহক-

Advertisment

বয়স বৃদ্ধি নিয়ন্ত্ৰণ কৰে

ছালত ভিটামিন ই কেপচুল ব্যৱহাৰ কৰিলে ই ছাল কোঁচ খোৱা সমস্যা দূৰ কৰে।ই ছালক গভীৰভাৱে 'ময়শ্চাৰাইজ' কৰে।মুখখনত বয়সৰ চাপ পৰাৰ পৰা বচাই ৰখাতো এই কেপচুলে যথেষ্ট সহায় কৰে।

দাগ আতৰায়

ভিটামিন ই-ৰ এণ্টি-অক্সিডেণ্ট গুণাগুণৰে সমৃদ্ধ।ই ছালত কোলাজেন উৎপাদন বৃদ্ধি কৰে, যিয়ে আমাৰ ছালৰ পৰা দাগ নিৰ্মূল কৰাত সহায় কৰে।

‘হাইপাৰ পিগমেণ্টেচন’ত উপকাৰী

কেতিয়াবা ছালৰ কিছুমান অংশত মেলানিন প্ৰয়োজনতকৈ অধিক জমা হয়, যাৰ ফলত মুখত ‘হাইপাৰ পিগমেণ্টেচন’ৰ সমস্যা বৃদ্ধি হয়।এনে পৰিস্থিতিত ভিটামিন ই কেপচুলৰ ব্যৱহাৰে আপোনাক এই সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাত যথেষ্ট সহায় কৰিব।

ওঁঠ মসৃণ কৰে

যদি আপোনাৰ ওঁঠ ফটাৰ সমস্যা আছে, তেন্তে ভিটামিন ই কেপচুলৰে নিয়মীয়াকৈ ওঁঠজুৰি মালিচ কৰক।খুব কম দিনতে আপোনাৰ ওঁঠ কোমল আকৰ্ষণীয় হৈ পৰিব।

চুলি শক্তিশালী কৰে

যদি আপোনাৰ চুলি দুৰ্বল হৈ পৰিছে বা উফিৰ সমস্যা আছে, তেনেহ'লে আপুনি ভিটামিন ই কেপচুল ব্যৱহাৰ কৰিব পাৰে। এটা কেপচুল ৩ চাহ চামুচ নাৰিকল তেলত দি ভালদৰে মিহলি কৰক। এই তেলটো সপ্তাহত দুবাৰকৈ আপোনাৰ মূৰৰ ছালত প্ৰয়োগ কৰি ভালদৰে মালিচ কৰিব। ইয়াৰ প্ৰভাৱ কেইদিনমানৰ ভিতৰতে স্পষ্টকৈ দেখিবলৈ পাব।

Also Read: এই ‘পেক’ লগাই দূৰ কৰক ছালৰ সকলো সমস্যা