জীৱন শৈলী

অভিভাৱকসকলে শিশুৰ এইসমূহ দিশত গুৰুত্ব দিব

Asomiya Pratidin

ডিজিটেল ডেস্ক: বয়স বৃদ্ধিৰ লগে লগে শাৰীৰিক সমস্যাৰ সমান্তৰালকৈ আমাৰ মানসিক সমস্যাবোৰো বৃদ্ধি হবলৈ আৰম্ভ কৰে। মানসিক স্বাস্থ্য দুৰ্বল হোৱাৰ বহুতো কাৰণ থাকিব পাৰে। বৰ্ধিত বয়সো ইয়াৰ এক অন্যতম কাৰণ বুলি গণ্য কৰা হয়। কিন্তু যদি শিশুৰ ক্ষেত্ৰত দুৰ্বল মানসিক স্বাস্থ্যৰ সমস্যাই দেখা যায়, তেন্তে ই অতি চিন্তাৰ বিষয়। শিশুৰ মানসিক স্বাস্থ্য সুস্থ ৰাখিবলৈ অভিভাৱকসকল অতি সচেতন হোৱাটো দৰকাৰ। আজি এই বিষয়ে জানো আহক-

আৱেগ-অনুভূতিক প্ৰধান্য দিব

বহুসময়ত পিতৃ-মাতৃ ব্যস্ত থকাৰ বাবে সন্তানৰ আৱেগ-অনুভূতিক একপ্ৰকাৰ উপেক্ষা কৰে। কিন্তু বিশেষজ্ঞসকলৰ মতে, অভিভাৱকৰ এনে কৰ্ম শিশুটোৰ মানসিক স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। শিশুটোৱে কি বিচাৰে, তেওঁলোকৰ অনুভূতি কি আৰু তেওঁলোকে কেনে আচৰণ কৰি আছে,  পিতৃ-মাতৃয়ে তাৰ বিশেষ যত্ন লোৱাটো খুবেই দৰকাৰ।আপুনি আপোনাৰ ব্যস্ত সময়সূচীৰ পৰা অলপ সময় উলিয়াই কি শুদ্ধ আৰু কি ভুল, সেয়া আপোনাৰ সন্তানক বুজাবলৈ যত্ন কৰক। এনে কৰিলে আপোনাৰ সন্তান মানসিকভাৱে শক্তিশালী হ'ব। 

ইতিবাচকতা

কেতিয়াবা পিতৃ-মাতৃয়েও তেওঁলোকৰ সন্তানক সৈমান কৰিবলৈ বা শিশুটোক সঠিক কথাবোৰ বুজাবলৈ বেয়া আচৰণ কৰে। এনে কৰাৰ দ্বাৰা শিশুৰ মনত আপোনাৰ প্ৰতি নেতিবাচকতা আহিব পাৰে। তাৰ সলনি শিশুটোক ইতিবাচক অনুভৱ কৰিব পৰা কথাবোৰ কওঁক। ইতিবাচকতা কথা-বাৰ্তাবোৰ শুনাৰ ফলত শিশুটোৱে ভাল অনুভৱ কৰিব আৰু মানসিক স্বাস্থ্যও শক্তিশালী হ'ব। আনহাতে, শিশুটোক সৰুৰে পৰাই শুদ্ধ আৰু ভুলসমূহ চিনাক্ত কৰিবলৈ শিকাব।

শিশুক সকলোৰে সৈতে মিলি থাকিবলৈ শিকাব

কিছুমান অভিভাৱকে তেওঁলোকৰ সন্তানক আনৰ সন্তানৰ সৈতে মিলিবলৈ দিবলৈ টান পায়। যাৰ বাবে তেওঁলোকে নিজৰ সন্তানক আন শিশুৰ লগ হ'বলৈ নিদিয়ে।কিন্তু যদি আপোনাৰ সন্তানটোয়ে সমনীয়াৰ লগ নাপায়, তেন্তে তেওঁ অকলে থাকি হতাশাত ভূগিব পাৰে।শিশুটোক অনবৰতে ঘৰত ৰখাৰ বাবে তেওঁলোকে আনৰ সৈতে কথা পাতিবলৈ ভয় কৰে আৰু ইয়াৰ ফলত তাৰ মানসিক স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পৰে। প্ৰকৃততে এটি শিশুয়ে আন শিশু বা জ্যেষ্ঠসকলক লগ পালে নতুন কথা শিকিব পাৰে আৰু ইয়াৰ ফলত তেওঁলোকৰ আচৰণো ইতিবাচক হ'বলৈ আৰম্ভ কৰে।