জীৱন শৈলী

এই দিশত গছ থাকিলে ঘৰলৈ আহে সুখ-শান্তি

Asomiya Pratidin

ডিজিটেল ডেস্ক: আমি সকলোয়ে আমাৰ ঘৰবোৰ আকৰ্ষণীয়কৈ সজাই ৰাখি ভাল পাওঁ।কিন্তু  সকলোৰে ঘৰ সজোৱা পদ্ধতিবোৰ বেলেগ বেলগ।কোনোয়ে যদি সজোৱা বস্তুৰে ঘৰ সজাই, কোনোয়ে আকৌ গছ আৰু উদ্ভিদৰে ঘৰখন সজাই-পৰাই ৰাখি সন্তুষ্টি লাভ কৰে।ঘৰ এখনত গছ-গছনি ৰোপণ কৰিলে কেৱল সৌন্দৰ্যই বৃদ্ধি নহয়, কিছুমান উদ্ভিদে ঘৰখনলৈ সুখ আৰু সমৃদ্ধিও কঢ়িয়াই আনে। জৱাব ফুলৰ গছ হৈছে এনে এবিধ বিশেষ গছ। বাস্তু শাস্ত্ৰৰ মতে, ঘৰত জৱাব ফুলৰ গছ ৰোপণ কৰিলে ঘৰখনলৈ এক বিশেষ ইতিবাচক শক্তিৰ আগমন হয় আৰু ই সম্পদকো আকৰ্ষণ কৰে।কিন্তু ঘৰত এই গছ ৰোপণৰ কিছুমান নিয়ম আছে।আজি সেই বিষয়ে জানো আহক-

পূৱ দিশ 

বাস্তু বিশ্বাস অনুসৰি, ঘৰত যি কোনো গছ ৰোপন কৰাৰ আগতে ৰোপনৰ দিশৰ প্ৰতি বিশেষভাৱে মন কৰিব লাগে। জৱাব ফুলৰ গছ ঘৰৰ পূব দিশত ৰোপণ কৰাটো শুভ বুলি গণ্য কৰা হয়। ইয়াক এই দিশত ৰাখিলে ঘৰৰ বাসিন্দাসকলৰ ৰাশিফলত সূৰ্যৰ স্থিতি শক্তিশালী হয়।

বিত্তীয় সমস্যা দূৰ হয়

এই গছ পূৱ দিশত ৰোপন কৰাৰ ফলত ৰাশিফলত সূৰ্যৰ স্থিতি শক্তিশালী হোৱাৰ লগতে ঘৰৰ লোকসকলৰ যিকোনো ধৰণৰ বিত্তীয় সমস্যাও আঁতৰ হয়। 

ঋণাত্মক শক্তিক আঁতৰত ৰাখে 

জৱাব ফুলৰ গছজোপায়ে ঘৰলৈ ধনাত্মক শক্তিৰ আগমন ঘটায়।জৱাব ফুল পূজাত ব্যৱহাৰ কৰাটো অতি শুভ বুলি গণ্য কৰা হয়। এই ফুল প্ৰধানকৈ দেৱী লক্ষ্মীৰ পূজাত ব্যৱহাৰ কৰা হয়। দেৱী লক্ষ্মীক জৱাব ফুলে পূজা কৰি সম্পদ আৰু শস্য প্ৰাপ্ত কৰিব পাৰি।

মঙ্গল দোষৰ পৰা মুক্তি

ইয়াৰ বাহিৰেও, যদি কাৰোবাৰ ৰাশিফলত মঙ্গলৰ দোষ থাকে বা মঙ্গল গ্ৰহ দুৰ্বল হয়, তেন্তে ঘৰত জৱাব ফুলৰ গছ ৰোপণ কৰাটো শুভ বুলি গণ্য কৰা হয়। এইবিধ গছে ঘৰখনৰ লোকৰ মংগল দোষ আঁতৰ কৰে। 

কেৰিয়াৰত অগ্ৰগতি

ঘৰত জৱাব ফুলৰ গছ ৰোপণ কৰি আপুনি কেৰিয়াৰ সম্পৰ্কীয় সমস্যাৰ পৰাও পৰিত্ৰাণ পাব পাৰে।বাস্তু মতে, ঘৰৰ লোকসকলে ৰাতিপুৱা সূৰ্যক পানীৰ লগতে জৱাব ফুল দিব লাগে। এনে কৰিলে কেৰিয়াৰ সম্পৰ্কীয় সমস্যাবোৰ অতি সোনকালে আঁতৰ হয়।