জীৱন শৈলী

Hanuman Jayanti 2023: ৫ নে ৬ এপ্ৰিল? হনুমান জয়ন্তীৰ দিন, উপবাসৰ নিয়ম, শুভ মুহুৰ্তৰ বিষয়ে জানি লৈ আপুনিও সাজু হওক

Asomiya Pratidin

ডিজিটেল ডেস্ক: সমাগত হনুমান জয়ন্তী।ভগৱান হনুমানৰ জন্মদিন হিচাপে এই জয়ন্তী সমগ্ৰ দেশজুৰি পালন কৰা হয়।চ'ত মাহৰ পূৰ্ণিমাৰ দিনা পালন কৰা হয় হনুমান জয়ন্তী। হনুমান ভক্তসকলে এই দিনটোত উপবাসে থাকি উপাসনা কৰে।আজি হনুমান জয়ন্তীৰ উপবাস আৰু উপাসনা পদ্ধতিৰ বিষয়ে জানো আহক-

হনুমান জয়ন্তীৰ তাৰিখ

এই বছৰ হনুমান জয়ন্তী ৬ এপ্ৰিল, বৃহস্পতিবাৰে উদযাপন কৰা হ'ব। পূৰ্ণিমা তিথি ৫ এপ্ৰিলৰ পুৱা ৯.১৯ বজাত আৰম্ভ হৈ ৬ এপ্ৰিলৰ পুৱা ১০.০৪ বজাত সমাপ্ত হ'ব।

উপবাস আৰু উপাসনা পদ্ধতি

উপবাসৰ আগদিনা ৰাতি মাটিত সীতা আৰু হনুমানক মনত ৰাখিব।

ৰাতিপুৱা সোনকালে উঠি ৰাম-সীতা আৰু হনুমানক আকৌ এবাৰ মনত পেলাব।

সোনকালে গা ধুব আৰু সাজু হ'ব।

এতিয়া হাতত পানী লৈ উপবাস ৰখাৰ প্ৰতিশ্ৰুতি লওঁক।

ইয়াৰ পিছত পূৱফালে মুখ কৰি হনুমানৰ মূৰ্তি বা ফটোৰ ওচৰত বহিব।

ভগৱান হনুমানক খুব নম্ৰ ভাৱে প্ৰাৰ্থনা কৰক।

সকলো ৰীতি-নীতিৰ পিছত তেওঁক উপাসনা কৰক।

উল্লেখ্য, হনুমানৰ মাতৃৰ নাম অঞ্জনী।অভিশাপৰ বাবেহে এই পৃথিৱীত তেওঁৰ জন্ম হৈছিল।পুত্ৰ হনুমানক জন্ম দিয়াৰ পিছতহে তেওঁ এই অভিশাপৰ পৰা পৰিত্ৰাণ পাবলৈ সক্ষম হৈছিল। ৰামায়ণৰ মতে, হনুমানৰ দেউতাক আছিল সুমেৰুৰ ৰজা কেশৰী। কেশৰী বৃহস্পতিৰ পুত্ৰ আছিল। অঞ্জনীয়ে পুত্ৰৰ সন্ধানত শিৱক ১২ বছৰ ধৰি প্ৰাৰ্থনা কৰিছিল। ফলস্বৰূপে, তেওঁ হনুমানক পুত্ৰ হিচাপে লাভ কৰিছিল।বিশ্বাস কৰা হয় যে, হনুমান শিৱৰ অৱতাৰ