মুখ্য-পৃষ্ঠা

জুবিন গাৰ্গৰ মুখ্যমন্ত্ৰীক আলিংগন প্ৰসংগঃ কি ক’লে শিল্পী বিপিন চাওদাঙে, VIDEO…

asomiyapratidin

ডিজিটেল সংবাদ, কামপুৰঃ জুবিন গাৰ্গে মুখ্যমন্ত্ৰীক আলিংগন কৰাতো তেওঁৰ ব্যক্তিগত কথা ।অসমৰ শিল্পী সমাজে CAA মানি নলয় । টোপৰ ৰাজনীতি শিল্পী সমাজে কেতিয়াও মানি নলয় ।"এই মন্তব্য কণ্ঠ শিল্পী বিপিন চাওদাঙৰ । সোমবাৰে নগাওঁ জিলাৰ কচুৱাৰ লুটুমাৰীত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আয়োজন কৰা এখন প্ৰতিবাদী সভাত উপস্থিত থাকি কণ্ঠ শিল্পী জনে এই মন্তব্য আগবঢ়ায় ।

প্ৰতিবাদী সভাখনত অধিবক্তা নেকিবুৰ জামানকে ধৰি বহু কেইজন কৃষক মুক্তিৰ নেতাৰ উপস্থিত থাকে । অখিল গগৈক প্ৰমুখ্যে কা বিৰোধী সকলো কাৰাবন্দীক বিনাচৰ্তে মুক্তি দাবী তুলি আয়োজন কৰে গণ প্ৰতিবাদী সভা। কা বাতিল কৰিব লাগিবই, নৰেন্দ্ৰ মোডী, অমিতশ্বাহ, আৰ এছ এছ,হুচিয়াৰ, হিমন্ত বিশ্ব শৰ্মা দাদাগিৰী সহ্য কৰা নহব বুলি প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে।

সভাত সংগ্ৰামী শিল্পী বিপিন চাউদাং, জ্যেষ্ঠ অধিবক্তা নেকিবুৰ জামান, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যকৰী সভাপতি আছাফুল হুছেইন কৃষক নেতা অনিল বড়োকে বহু কেইবাজনো লোক উপস্থিত থাকে ।অধিবক্তা নেকিবুৰ জামানে বি জে পি দলে বিভাজন আৰু প্ৰলোভনৰ ৰাজনীতি কৰা বুলি কৈ শাসনাধিষ্ঠ দলটোক তীব্ৰ সমালোচনা কৰে ।