মুখ্য-পৃষ্ঠা

দিল্লী চৰকাৰক ক’লে ন্যায়ালয়েঃ আপোনালোকে অন্ধৰ দৰে থাকিব পাৰে, আমি নোৱাৰো…

asomiyapratidin

ডিজিটেল ডেস্কঃ সমগ্ৰ দেশত প্ৰতিদিনাই দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে কোৰোনাৰ সংক্ৰমণ। তাৰ মাজতে দেখা দিছে অক্সিজেনৰ নাটনিয়ে। ইফালে, দিল্লী উচ্চ ন্যায়ালয়ে মঙলবাৰে দিল্লী চৰকাৰক পৰামৰ্শ দিয়ে যে, যেনেকৈ ব্লাড বেংক থাকে, তেনেকৈ অক্সিজেন চিলিণ্ডাৰ বেংকো নিৰ্মাণ কৰা হয় যাতে। য'ত লোকসকলে জমা ৰাখিব পাৰিব অক্সিজেন চিলিণ্ডাৰ আৰু যিসকল লোকক অক্সিজেনৰ প্ৰয়োজন তেওঁলোকে লাভ কৰিব তাৰ পৰা অক্সিজেন।

আনহাতে, অক্সিজেনৰ অভাৱৰ সন্দৰ্ভত কেন্দ্ৰ চৰকাৰক ন্যায়ালয়ে কয়- আপোনালোকে এই ক্ষেত্ৰত অন্ধৰ দৰে থাকিব পাৰে আমি চকু বন্ধ কৰিব নোৱাৰো। লগতে ন্যায়ালয়ে চৰকাৰক কয় যে- আপোনালোকে অক্সিজেনৰ অভাৱৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰক আৰু যিসকলক অক্সিজেনৰ প্ৰয়োজন নাই তেওঁলোকক অক্সিজেন বেংকত অক্সিজেন জমা কৰিবলৈ বুজাওক।