মুখ্য-পৃষ্ঠা

হিজাবৰ ওপৰত ৰায়দান কৰা ন্যায়ধীশক Y শ্ৰেণীৰ সুৰক্ষা প্ৰদান…

asomiyapratidin

ডিজিটেল ডেস্ক: হিজাবৰ ওপৰত ৰায় প্ৰদান কৰা কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়ধীশৰ লগতে মুঠ তিনি গৰাকী ন্যায়ধীশক Y শ্ৰেণীৰ সুৰক্ষা প্ৰদান কৰা হৈছে।তেওঁলোকৰ জীৱনৰ ওপৰত ভাবুকি আহি পৰাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী বচৰাজ বোম্মইয়ে কয় যে ৰাজ্য চৰকাৰে  Y শ্ৰেণীৰ সুৰক্ষা প্ৰদান কৰিছে।

এই ঘটনাৰ লগত সম্পৰ্ক থকা এগৰাকী ব্যক্তিক গ্ৰেপ্তাৰো কৰিছে আৰক্ষীয়ে। মুখ্যমন্ত্ৰীয়ে "ছদ্ম-ধৰ্মনিৰপেক্ষতা" আৰু বিষয়টোত জনসাধাৰণৰ নীৰৱতা সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে।মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে চৰকাৰে এই বিষয়টো গম্ভীৰভাৱে নিৰীক্ষণ কৰি আৰক্ষী মহানিৰ্দেশক এই সন্দৰ্ভত তদন্ত কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে।

মুখ্য ন্যায়ধীশ ৰিতুৰাজ অৱস্থী, ন্যায়মুৰ্তি কৃষ্ণা এছ দিক্ষিত আৰু ন্যায়মুৰ্তি জে এম খাজী ৰ তিনি জনীয়া বিচাৰপীছে ১৫ মাৰ্চত হিজাবৰ ওপৰত শুনানি গ্ৰহণ কৰিছিল।