ফকিৰগঞ্জত ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়া প্ৰতিৰোধৰ কাম আৰম্ভ : জলসম্পদ বিভাগক ধন্যবাদ
ফকিৰগঞ্জত ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়া প্ৰতিৰোধৰ কাম আৰম্ভ : জলসম্পদ বিভাগক ধন্যবাদ  
মুখ্য-পৃষ্ঠা

ফকিৰগঞ্জত ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়া প্ৰতিৰোধৰ কাম আৰম্ভ : জলসম্পদ বিভাগক ধন্যবাদ

Asomiya Pratidin

ডিজিটেল সংবাদ দক্ষিণ শালমাৰাঃ ধুবুৰী জিলাৰ ফকিৰগঞ্জৰ ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ বাবে ১০কোটি টকাৰ জিঅ' বেগৰ কাম আৰম্ভ কৰাত জলসম্পদ বিভাগৰ এনে পদক্ষেপক স্থানীয় ৰাইজ লগতে জিলা ছাত্ৰ সন্থাই আদৰণি জনোৱা পৰিলক্ষিত হৈছে। উল্লেখযোগ্য যে, ফকিৰগঞ্জ এলেকাৰ ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ বাবে বিভিন্ন দলে-সংগঠনে দীৰ্ঘদিনে দাবী উত্থাপন কৰি আহছিল।

এনে দাবীৰ প্ৰতি সঁহাৰি জনাই অসম চৰকাৰে জল সম্পদ বিভাগৰ জৰিয়তে ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়া জিঅ' বেগৰ জৰিয়তে প্ৰতিৰোধৰ বাবে SOPD- FDR A. A NO:- AA/FC_2021-2022(1) _1646 Dated - 24/01/2022 নম্বৰ নিবিদা যোগে 999.19 লাখ টকাৰ আৱন্টন দিছে। গুৱাহাটীৰ Zed engineers নামৰ কোম্পানীয়ে এই কামৰ ঠিকাা লাভ কৰি ইতিমধ্যে ব্ৰহ্মপুত্ৰ নদীৰ পাৰ জে চি বিৰে কাটি মেৰামতি কৰা আৰম্ভ কৰিছে।

জলসম্পদ বিভাগৰ এনে পদক্ষেপত সমগ্ৰ ফকিৰগঞ্জ অঞ্চলৰ ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া কৱলিত আতংকিত হতাশাগ্ৰস্ত ৰাইজে উৎফুল্লিত হৈ পৰিছে। অঞ্চলটোৰ বিভিন্ন দল সংগঠনৰ দীৰ্ঘদিনীয়া দাবী পূৰণৰ দিশে অগ্ৰসৰ হোৱাত চৰকাৰৰ এনে পদক্ষেপৰ প্ৰতি কৃতজ্ঞতা জনাই আদৰণি জনাইছে।

প্ৰথমটো কিস্তিত চৰকাৰে প্ৰায় ১০ কোটি টকাৰ আৱন্টন দি কাম আৰম্ভ কৰিছে যদিও পৰৱৰ্তী দ্বিতীয় কিস্তিত ৫কোটি টকাৰ আৱন্টন দিব বুলি জানিব পৰা গৈছে। এই সন্দৰ্ভত জিলা ছাত্ৰ সন্থা সভাপতি পৰিদৰ্শন কৰি সাংবাদিকৰ আগত এনেদৰে মন্তব্য কৰে ।