মুখ্য-পৃষ্ঠা

আচৰিত পত্নী! স্বামীক হত্যা কৰি ঘৰৰ ভিতৰতে পুতি সেই স্থানত নিৰ্মাণ কৰিলে পাকঘৰ…

asomiyapratidin

ডিজিটেল ডেস্কঃ এগৰাকী পত্নীয়ে স্বামীক ভগৱানৰ জ্ঞান কৰে। স্বামীৰ বাবে সকলো ত্যাগ কৰিব পাৰে এগৰাকী মহিলাই। পিছে এইখন পৃথিৱীতে এনে কিছু ঘটনা সংঘটিত হয়,যি ঘটনাই সৰ্বসাধাৰণৰ চকু কঁপালত তুলিব পাৰে। তেনে এক ঘটনাই সংঘটিত হৈছে মধ্য প্ৰদেশত।

প্ৰায় এমাহ ধৰি এগৰাকী মহিলাৰ স্বামীৰ সন্ধান নাই। ৰাজ্যখনৰ কটমা মহকুমা আৰক্ষী বিষয়াৰ ওচৰত মহিলাগৰাকীয়ে স্বামী সন্ধানহীন হোৱাৰ বাবে এজাহাৰো দিলে। আৰক্ষীয়ে তদন্ত কৰাৰ পিছতহে পোহৰলৈ আহিল প্ৰকৃত ঘটনা। সন্ধানহীন হোৱা নাছিল প্ৰতীমা বানাৱাল নামৰ ৩২ বছৰীয়া মহিলাগৰাকীৰ স্বামীৰ। তেওঁ হত্যা কৰি অধিবক্তা স্বামী মোহিতক পুতি থৈছিল গাঁতত।

মাত্ৰ হত্যা কৰি গাঁতত পুতিয়ে ক্ষান্ত নাছিল মহিলাগৰাকী। স্বামীক পুতি থোৱা স্থানতে তেওঁ নিৰ্মাণ কৰিলে পাকঘৰ। মধ্যপ্ৰদেশৰ অনুপ্পুৰ জিলাত প্ৰায় এমাহ পূৰ্বে এই ঘটনা সংঘটিত হৈছিল। তাৰ পিছতে ঘটনাৰ প্ৰমাণ লুকুৱাৰ বাবে সেই স্থানত পত্নী প্ৰতীমা বানাৱালে পাকঘৰ নিৰ্মাণ কৰিছিল।

মোহিত সন্ধানহীন হোৱাৰ কথা প্ৰতীমা বানাৱালক সুধিছিল মোহিতৰ ভাতৃয়ে। সেই সময়ত তেওঁ ভাতৃৰ সৈতে বিতৰ্কহে কৰে। ইফালে কোনো লোকক ঘৰৰ ভিতৰত সোমাবলৈও নিদিলে প্ৰতীমাই। বাধাস্বত্বেও ঘৰত কিছু লোক সোমাব বিচৰাৰ বাবে বৃহস্পতিবাৰে মহিলাগৰাকীয়ে ঘৰত তলা লগাই কোনো স্থানলৈ গুচি যায়।

মহিলাগৰাকীৰ অনুপস্থিতিত ঘৰৰ তলা ভাঙি সোমাই ভিতৰৰ পৰিৱেশ দেখি একাংশ লোকে আৰক্ষীক অৱগত কৰে। তাৰ পিছতহে পোহৰলৈ আহে এই চাঞ্চল্যকৰ ঘটনাটোৰ। আৰক্ষীয়ে ঘটনাৰ কথা নিশ্চিত হোৱাৰ পিছতে গাঁত খান্দি উলিয়াই আনে লোকজনৰ মৃতদেহ।