মুখ্য-পৃষ্ঠা

টুইটাৰক কেন্দ্ৰৰ সকিয়নীঃ পালন কৰক সকলো নতুন নিয়ম, অন্যাথা…

asomiyapratidin

টুইটাৰক কেন্দ্ৰৰ সকিয়নীঃ পালন কৰক সকলো নতুন নিয়ম, অন্যাথা…

ডিজিটেল ডেস্কঃ ভাৰত চৰকাৰ আৰু টুইটাৰৰ মাজত চলি থকা শীতল যুদ্ধৰ যেন অন্ত পৰাৰ নামেই লোৱা নাই। শেহতীয়াকৈ টুইটাৰক পুনৰ এক সকিয়নী প্ৰদান কৰিছে কেন্দ্ৰীয় চৰকাৰে। কেন্দ্ৰীয় চৰকাৰে নতুনকৈ ধাৰ্য কৰা ডিজিটেল নীতি-নিয়মখিনি সকলো আখৰে আখৰে পালন কৰিবলৈ সকিয়নী প্ৰদান কৰা হৈছে টুইটাৰক।

টুইটাৰ পূৰ্বৰে পৰাই আকোৰগোঁজ স্থিতিত আছে যে কোনো পধ্যেই তেওঁলোকে নতুন ডিজিটেল নীতি-নিয়মৰ সকলো খিনি প্ৰযোজ্য কৰিব নোৱাৰে। ইফালে টুইটাৰে ভাৰতৰ উপ ৰাষ্ট্ৰপতি ভেংকায়া নাইডুৰ টুইটাৰ একাউন্টৰ পৰা ভেৰিফাইট নীলা চিহ্ন আতৰাই দিয়াৰ পাছত আৰ এছ এছ মোহন ভাগৱতৰ একাউন্টৰ পৰাও আতৰাইছে এই চিহ্ন।

টুইটাৰৰ এই কাৰ্যকলাপৰ মাজতে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা ৫জুনত এখন চিঠি টুইটাৰ কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰা হৈছে। সকলো নিয়ম পালন কৰিবলৈ কেন্দ্ৰই সকিয়নী দিয়াৰ লগতে যদিহে নহয় তেন্তে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হব বুলি সকিয়নী প্ৰদান কৰিছে।