মুখ্য-পৃষ্ঠা

লকডাউনৰ সময় বৃদ্ধি কৰা হ’ব নেকি? কি ক’লে কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাৱেদকাৰে…

asomiyapratidin

ডিজিটেল ডেস্কঃ কোৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে প্রধানমন্ত্ৰী মোডীয়ে ২১দিনৰ বাবে দেশত লকডাউন ঘোষণা কৰিছিল। আৰু অহা ১৪ এপ্ৰিললৈ অব্যাহত থাকিব লকডাউন। কিন্তু তাৰ মাজতে লকডাউনৰ সময়সীমা বৃদ্ধি কৰা হ'ব নেকি বুলি প্ৰশ্ন উত্থাপন হৈছে। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কেন্দ্ৰীয় চৰকাৰে।

কেবিনেট বৈঠকৰ পাছত এক সংবাদমেলযোগে কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাৱেদকাৰে এই সন্দৰ্ভত কয় যে- 'সমগ্ৰ বিশ্বৰ পৰিস্থিতি সন্দৰ্ভত প্ৰতিটো মিনিট আমি নজৰ ৰাখিছো। আৰু দেশৰ ভালৰ বাবেই সিদ্ধান্ত গ্ৰহণ কৰা হ'ব। সঠিক সময়ত ইয়াক লৈ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব আৰু আপোনালোকক জনোৱা হ'ব।'

উল্লেখ্য যে, কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাৱেদকাৰে সংবাদমেলত লগতে ঘোষণা কৰে যে- ৰাষ্ট্ৰপতি-উপ ৰাষ্ট্ৰপতিকে ধৰি ৰাজ্য সমূহৰ ৰাজ্যপালসকলে সামাজিক দায়িত্বস্বৰূপে দৰমহা কৰ্তনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই ধনৰাশি ভাৰতত Consolidated Fundত জমা হব বুলিও সদৰি কৰে কেন্দ্ৰীয় মন্ত্ৰী জাবেদকাৰে।