মুখ্য-পৃষ্ঠা

তেতিয়ালৈ আন্দোলনত অংশ ল’ম, যেতিয়ালৈ চৰকাৰে ৩খন কৃষি আইন বাতিল নকৰেঃ সুখদেৱ সিং…

asomiyapratidin

ডিজিটেল ডেস্কঃ বিগত সপ্তাহত শুকুৰবাৰে কৃষকৰ আন্দোলন নিঃশেষ কৰিবৰ বাবে কৃষকৰ ওপৰত লাঠিচাৰ্জ কৰাৰ লগতে তেওঁলোকৰ ওপৰত কন্দুৱাগেছ নিক্ষেপ কৰা হয়। এই ঘটনাক সন্দৰ্ভত এখন ছবি সামাজিক মাধ্যমত খুৱেই ভাইৰেল হৈছিল। ছবিখনত এজন বয়সীয়াল কৃষকক এজন জোৱানে মাৰিবলৈ ধৰাৰ দৃশ্য আছে। এই ছবখনে সামাজিক মাধ্যমত যঠেষ্ট চৰ্চা লাভ কৰিছিল।

ৰাহুল গান্ধীয়েও এই ছবিখন চেয়াৰ কৰি কেন্দ্ৰীয় চৰকাৰক কটাক্ষ কৰিছিল। ইয়াৰ উত্তৰত বিজেপিৰ আইটি চেলৰ মুখ্য অমিত মালবীয়ে টুইট কৰিছিল যে এই ছবিখন অৰ্ধসত্য। দৰাচলতে কৃষকজনক জোৱানজনে লাঠিচাৰ্জ কৰা নাছিল।পৰৱৰ্তী সময়ত টুইটাৰে মালৱীয়ৰ এই টুইটোত মেনিপুলেটেড মেডিয়া বুলি অভিহিত কৰিছিল।

দৰাচলতে কৃষকজনক জোৱান জনে উপৰ্যুপৰি লাঠীচাৰ্জ কৰিছিল। এই সম্পৰ্কত সুখদেৱ নামৰ সেই কৃষকজনে কয় যে তেওঁ বুজিব পৰা নাছিল জোৱানজনে তেওঁক কিয় লাঠীচাৰ্জ কৰিছে, কিয়নো তেওঁ কোনো খেলিমেলিও সৃষ্টি কৰা নাছিল আৰু শিলো দলিওৱা নাছিল।

উল্লেখ্য যে ৬০ বছৰীয়া সুখদেৱ সিং পঞ্জাৱৰ কপুৰথলাৰ বাসিন্দা আৰু বৰ্তমানেও সিন্ধু সীমাৰ আন্দোলনত উপস্থিত আছে।তেওঁ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমক কয় যে তেওঁ তেতিয়ালৈ আন্দোলনত অংশ ল'ব যেতিয়ালৈ কেন্দ্ৰীয় চৰকাৰে তিনিও কন কৃষি আইন বাতিল নকৰে।