মুখ্য-পৃষ্ঠা

প্ৰতিবছৰে ৮ অক্টোবৰত কিয় উদযাপন কৰা হয় ভাৰতীয় বায়ু সেনা দিবস ?

asomiyapratidin

ডিজিটেল ডেস্ক : দিল্লীৰ সমীপৰ গাজিয়াবাদৰ হিণ্ডন বেছত প্ৰতি বছৰে ৮ অক্টোবৰত ভাৰতীয় বায়ু সেনা দিৱস পালন কৰা হয়। য'ত তিনিটা সশস্ত্ৰ বাহিনীৰ জ্যেষ্ঠ বিষয়া উপস্থিত থকাৰ লগতে উপস্থিত থাকে ভাৰতীয় বায়ু সেনা প্ৰধান । এই বৰ্ষত দেশে ভাৰতীয় বায়ু সেনাৰ ৮৮ তম বাৰ্ষিকী উদযাপন কৰে ।

এই দিনটোতে গাজায়াবাদৰ হিণ্ডন বেছত বায়ু সেনা বাহিনীৰ পাইলটসকলে বিভিন্ন বিমানৰ এয়াৰ শ্ব' প্ৰদৰ্শন কৰে ।ভাৰতৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু পুৰণি বিমান সমূহ এই অনুষ্ঠানটো প্ৰদৰ্শন কৰা হয়। ভাৰতীয় বায়ু সেনাক ৰাষ্ট্ৰীয় সুৰক্ষাৰ বাবে জাগ্ৰত কৰি ৰখাৰ উদ্দেশ্যে এই দিৱস পালন কৰা হয়।

১৯৩২ চনৰ ৮ অক্টোবৰৰ দিনটোটে ব্ৰিটিছ সাম্ৰাজ্যই ভাৰতীয় বায়ু শক্তিক আনুষ্ঠানিকভাৱে স্থাপন কৰিছিল। যিহেতু সেই সময়ত ভাৰত ব্ৰিটিছসকলে শাসন কৰিছিল। ভাৰতীয় বায়ু সেনা তিনিটা ভাৰতীয় সশস্ত্ৰ বাহিনীৰ অন্যতম এক শক্তি ।ভাৰতীয় বায়ু সেনাৰ প্ৰধান লক্ষ্য ভাৰতীয় আকাশমাৰ্গ সুৰক্ষিত ৰখাৰ লগতে আৰু সংঘাতৰ সময়ত বিমানৰ কাৰ্যকলাপ পৰিচালন কৰা।

১৯৩৩ চনৰ ১ এপ্ৰিলত ভাৰতীয় বায়ু সেনাই প্ৰথম এচি বিমানৰ আৰম্ভনি কৰা হৈছিল । ব্ৰিটিছ শাসনত, ভাৰতীয় বায়ু সেনাক ৰয়েল ইণ্ডিয়ান এয়াৰ ফৰ্চ বুলি কোৱা হৈছিল। দেশে স্বাধীনতা লাভ কৰাৰ স্বাধীনতাৰ পিছত ১৯৫০ চনত ই এক ভাৰতীয় বায়ু সেনালৈলৈ ৰূপান্তৰিত হয় ।