মুখ্য-পৃষ্ঠা

বিনামূলীয়া কোভিড ভেকচিন সকলো ভাৰতীয়ৰ অধিকাৰঃ কেজৰিৱাল…

asomiyapratidin

ডিজিটেল ডেস্কঃ দিল্লীৰ মূখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে সমগ্ৰ দেশতে বিনামূলীয়া কোৰোনা ভেকচিনৰ বিষয়টো পুনৰ উত্থাপন কৰিছে। শনিবাৰে সীলমপুৰ উৰণীয়া সেঁতুৰ উন্মোচন কৰি কেজৰিৱালে কয়, প্ৰত্যেক ভাৰতীয়ৰে বিনামূলীয়া ভেকচিন লাভ কৰাৰ অধিকাৰ আছে কিয়নো কোৰোনাৰ বাবে সকলো মানুহেই সমস্যাত আছে।

কেজৰিৱালে লগতে কয় যে,পিয়াজৰ দাম বৃদ্ধিক লৈ যি পদক্ষেপ গ্ৰহণ কৰিব লাগে তেওঁ সেয়া কৰিব। সমগ্ৰ দেশতে পিয়াজৰ যি দাম বৃদ্ধি হৈ আছে, কেন্দ্ৰ চৰকাৰে তাক হস্তক্ষেপ কৰিব লাগে যাতে সাধাৰণ দেশৰ ভিতৰত বস্তুৰ মূল্যবৃদ্ধি চৰকাৰে নিয়ন্ত্ৰণ কৰিব পাৰে বুলিও মন্তব্য কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰীজনে।