মুখ্য-পৃষ্ঠা

২৩ নে ২৪ আগষ্টত জন্মাষ্টমীৰ চৰকাৰী ছুটি…

asomiyapratidin

ডিজিটেল ডেস্কঃ শ্ৰীকৃষ্ণৰ জন্মদিন জন্মাষ্টমী কেতিয়া উদযাপন কৰিব তাক লৈ দ্বিমত সৃষ্টি হৈছে। একাংশৰ মতে ২৩ আগষ্টত শ্ৰীকৃষ্ণৰ জন্মদিন বুলি দাবী কৰিলেও আন একাংশই ২৪ আগষ্ট বুলিহে মন্তব্য কৰিছিল। সেই অনুসৰি ২৪ আগষ্টত জন্মাষ্টমীৰ বন্ধ দিন আছিল চৰকাৰী বন্ধৰ কেলেণ্ডাৰত। অৱশেষত এই দ্বিমতৰ ওৰ পৰিছে।

বিষ্ণুৰ অষ্টম অৱতাৰ কৃষ্ণৰ জন্ম হৈছিল ভাদ মাহৰ কৃষ্ণ পক্ষৰ অষ্টমীৰ ৰোহিনী নক্ষত্ৰত। সেই অনুসৰি এইবাৰ অষ্টমী ২৩ আগষ্টত পৰিছে যদিও ৰোহিনী নক্ষত্ৰ পৰিছে ২৪ আগষ্টৰ দিনাখন। অৰ্থাৎ অষ্টমী আৰু ৰোহিনী নক্ষত্ৰৰ সংযোগ নথকাত কোন দিনা জন্মাষ্টমী পালন কৰা উচিত তাক লৈ পণ্ডিত সকলৰ মাজতো দ্বিমতৰ সৃষ্টি হৈছে।

ইফালে জন্মাষ্টমীৰ চৰকাৰী বন্ধ প্ৰদানক লৈও চৰকাৰৰ মাজত সৃষ্টি হয় সমস্যাৰ। চৰকাৰী বন্ধৰ তালিকাত জন্মাষ্টমীৰ ছুটি ২৪ আগষ্ট ধাৰ্য্য কৰা আছিল যদিও পণ্ডিত সকলৰ যুক্তি অনুসৰি যিহেতু জন্মাষ্টমীৰ ব্ৰত ২৩ আগষ্টত ৰখা উচিত সেই বাবে চৰকাৰী ছুটিও ২৩ আগষ্টত ঘোষণা কৰা হয়। পশ্চিম বংগ, অসম, বিহাৰ, উত্তৰ প্ৰদেশ আদি ৰাজ্যসমূহতো জন্মাষ্টমীৰ চৰকাৰী বন্ধৰ দিন ২৩ আগষ্টলৈ আগুৱাই দিয়া হৈছে।