মুখ্য-পৃষ্ঠা

পানী তললৈ নমা দেখি, কাষত ঘৰ নাসাজিবাঃ মই সাগৰ, পুনৰ উভতি আহিম…

asomiyapratidin

ডিজিটেল ডেস্কঃ ২০১০ চনত বৰ্তমানৰ গৃহমন্ত্ৰী অমিত শ্বাহক এক হত্যাকাণ্ডৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল। ৩ মাহৰ কাৰাদণ্ডৰ লগতে ২ বছৰৰ বাবে গুজৰাটত শ্বাহৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছিল। আদালতৰ নিৰ্দেশ মানি ২ বছৰ গুজৰাটৰ বাহিৰত থাকি ২০১২ চনৰ বিধানসভা নিৰ্বাচনৰ সময়ত গুজৰাটত প্ৰৱেশ কৰিছিল শ্বাহে। সেইসময়ত এক নিৰ্বাচনী সভাত অংশ লৈ অমিত শ্বাহে ভাষণৰ প্ৰসংগত কৈছিল যে- পানী তললৈ নমা দেখি, কাষত ঘৰ নাসাজিবা। মই সাগৰ, পুনৰ উভতি আহিম।

বুধবাৰে নিশা প্ৰায় ১০.১০ মিনিটত দিল্লীস্থিত বাসগৃহৰ পৰা গ্ৰেপ্তাৰ হয় দেশৰ প্ৰাক্তন বিত্তমন্ত্ৰী পি চিদাম্বৰমৰ গ্ৰেপ্তাৰৰ পাছত প্ৰায় ১০ বছৰ পুৰণি এই ঘটনা পুনৰ চৰ্চালৈ আহিছে। ছচিয়েল মিডিয়াত ভিন্নজনে নিজ নিজ মন্তব্য প্ৰকাশ কৰিছে। বহুতে কৈছে যে, অমিত শ্বাহে ১০ বছৰ পুৰণা এই ঘটনাৰ প্ৰতিশোধ ললে। কিয়নো সেইসময়ত চিদাম্বৰমৰ নিৰ্দেশতে গ্ৰেপ্তাৰ কৰা হৈছিল শ্বাহক। ইয়াৰ বিপৰীতে বহুতে মন্তব্য কৰিছে যে, দোষ কৰিলে শাস্তি পোৱাতো নিশ্চিত, ইয়াত প্ৰতিশোধৰ প্ৰশ্ন নাহে। অমিত শ্বাহ আৰু চিদাম্বৰমৰ গোচৰৰ মাজত আছে আকাশ-পাতাল পাৰ্থক্য।

বিৰ্তক চলি থকাৰ মাজতে বৃহস্পতিবাৰে চিদাম্বৰমক হাজিৰ কৰা হয় চি বি আই বিশেষ আদালতত। চিদাম্বৰমক ৫ দিনৰ জিম্মাত বিচাৰিছে চি বি আইয়ে। খবৰ অনুসৰি চি বি আইৰ পাছতে ই ডিয়ে গ্ৰেপ্তাৰ কৰিব চিদাম্বৰমক। জটিলতা বৃদ্ধি পোৱা চিদাম্বৰমৰ এই অৱস্থা দেখি এতিয়া একাংশই অমিত শ্বাহে ২০১০ চনত গোৱা সেই শ্বায়েৰী মনত পেলাই বিভিন্ন পোষ্ট শ্বেয়াৰ কৰা পৰিলক্ষিত হৈছে।