মুখ্য-পৃষ্ঠা

বিমানৰ ইঞ্জিনত মাৰিলে চৰায়ে খুন্দা! পেলাব লগীয়া হ’ল আবাসিক এলেকাত বোমা…

asomiyapratidin

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে আম্বালাৰ আবাসিক এলেকাৰ ওপৰত ভাৰতীয় বায়ু সেনাৰ এখন জেট বিমানৰ ইন্ধন আৰু অনুশীলনৰ বাবে ৰখা বোমা নিক্ষেপ কৰিব লগা হয়। দৰাচলতে এলেকাটোৰ ওপৰেৰে পাৰ হৈ যোৱা সময়তে বিমানখনৰ ইঞ্জিনত খুন্দা খাইছিল এটি চৰাই। যাৰ বাবে এই ঘটনা সংঘটিত হয়।

ভাৰতীয় বায়ু সেনাৰ সূত্ৰ অনুসৰি, বিমানখনৰ এটাইঞ্জিনতহে চৰাই খুন্দা খাইছিল। আৰু বৈমানিকগৰাকীয়ে বিমানখন আম্বালা এয়াৰ ফৰ্চৰবেছত সুৰক্ষিতভাৱে অৱতৰণ কৰিবলৈ সক্ষম হয়। অৱশ্যে এই ঘটনাত কোনো লোক হতাহত হোৱাৰখবৰ পোৱা হোৱা নাই।

আকাশমাৰ্গত থকা সময়ত বিমানত এনে ধৰণৰ তৎকালীন পৰিস্থিতিৰ সৃষ্টি হ'লে বৈমানিকে প্ৰায়ে বিমানৰ পাখীত সংযোগ হৈ থকা সামগ্ৰী সমূহ তলত পেলাই দিবলগীয়া হয়। য'ত সাধাৰণতে অনুশীলনত ব্যৱহাৰ কৰা বোমা আৰু ইন্ধনৰ টেংকী থাকে।

বৃহস্পতিবাৰৰ এই ঘটনা সংঘটিত হয় যেতিয়া 'জেগুৱাৰ'বিমানখন বাউণ্ড্ৰী ৱাল পাইছিলহি। যিখন দেৱালে এয়াৰ ফৰ্চ বেছক আম্বালাৰ পৰা পৃথককৰে। বিমানৰ পৰা পেলাই দিয়া কিছু অংশ এটা বাসগৃহৰ ওপৰত আৰু কিছু অংশ পথত পৰে।

ইফালে, এম্বুলেন্স আৰু অগ্নিনিৰ্বাপক বাহিনীকততাতৈয়াকৈ ঘটনাস্থলীলৈ ৰাওনা কৰা হয়। তদুপৰি ভাৰতীয় বায়ু সেনাৰ জ্যেষ্ঠ বিষয়াকঘটনাস্থলীলৈ পৰিস্থিতিৰ বুজ ল'বলৈ আৰু এলেকাটোত তালাচী অভিযান চলাবলৈ পঠিওৱা হয়।