মুখ্য-পৃষ্ঠা

১.৫ লাখ হোৱাটছএপ একাউণ্ট হেকাৰৰ আক্ৰমণ! ৰক্ষা পৰিবলৈ কৰক…

asomiyapratidin

ডিজিটেল ডেস্কঃমেছেজিং এপ হোৱাটছএপে ১.৫ লাখ ব্যৱহাৰকাৰীক 'স্পাইৱেৰৰ বিপদ'ৰ পৰা ৰক্ষা পৰিবলৈ এই এপটো আপডেট কৰিবলৈ অনুৰোধ জনাইছে। হোৱাটছএপৰ ডাটা সুৰক্ষাৰ সন্দৰ্ভত কিছু কমি থকাৰ বাবে হেকাৰে ব্যৱহাৰকাৰীৰ ফোনত স্পাইৱেৰ (হেকিং ছফ্টৱেৰ) ভৰাই দিয়ে। আৰু ইয়াৰ পাছতেই কোম্পানীটোৱে লয় এই পদক্ষেপ।

কোম্পানীটোৱে জনোৱা মতে, মে' মাহৰ প্ৰথম সপ্তাহতএই বিষয়ে জানিবলৈ সক্ষম হয় আৰু এপটোৰ সুৰক্ষা সন্দৰ্ভত কাম কৰে। হোৱাটছএপে হেকিঙৰ পৰা ৰক্ষা পেলাবলৈ এপটোত বহু সা-সলনি কৰা হৈছে।হোৱাটছএপে কোনো আন কোম্পানীৰ নাম লোৱা নাই যদিও, এই হেকিঙৰ সৈতে কোনো ব্যক্তিগতকোম্পানী জড়িত থকাৰ ইংগিত দিয়ে।