মুখ্য-পৃষ্ঠা

আপডেট কৰক আৰু লাভ কৰক হোৱাটছএপত ফিংগাৰপ্ৰিন্ট ল’কৰ সুবিধা

asomiyapratidin

ডিজিটেল ডেস্কঃ ছ'চিয়েল মেছেজিং এপ হোৱাটছএপে ব্যৱহাৰকাৰীৰ বাবে হোৱাটছএপত সংলগ্ন কৰিছে এক নতুন ফীচাৰ। এই ফীচাৰৰ জৰিয়তে হোৱাটছএপৰ সুৰক্ষা অধিক নিশ্চিত কৰা হৈছে। ভাৰতত হোৱাটছএপৰ এণ্ড্ৰইড বেটা ভাৰ্ছন ২.১৯.২২১ত সংলগ্ন কৰা এই নতুন ফীচাৰ অনুসৰি ব্যৱহাৰকাৰীয়ে এতিয়াৰে পৰা ফিংগাৰপ্ৰিন্টযোগে হোৱাটছএপ আনল'ক কৰিব পাৰিব। অৰ্থাৎ এণ্ড্ৰইড ফোন ব্যৱহাৰকাৰীয়ে যিদৰে ফিংগাৰ চেঞ্চৰৰ সহায়ত ফোন আনলক কৰিব পাৰে, সেইদৰেই হোৱাটছএপো আনল'ক কৰিবলৈ সক্ষম হ'ব।

হোৱাটছএপৰ নতুন ফীচাৰ লাভ কৰিবলৈ প্ৰথমে এপটোৰ এণ্ড্ৰইড বেটা ভাৰ্ছন আপডেট কৰিব লাগিব। তাৰ পিছত হোৱাটছএপ ছেটিঙছলৈ গৈ একাউন্ট বিকল্প আৰু প্ৰাইভেচী বিকল্পত ক্লিক কৰি ফিংগাৰপ্ৰিন্ট ল'ক বাচনি কৰিব লাগিব। ফিংগাৰপ্ৰিন্ট ল'ক ইনেবল কৰিলে ব্যৱহাৰকাৰীয়ে হোটাছএপ খোলাৰ সময়ত আৰু ভিডিঅ' কল কৰাৰ সময়ত ফিংগাৰ প্ৰিন্টেৰে আনল'ক কৰিব লাগিব।

ব্যৱহাৰকীয়ে এই ফিংগাৰপ্ৰিন্ট ল'ক ব্যৱহাৰৰ ক্ষেত্ৰত তিনিটা বিকল্প লাভ কৰিব। তাৎক্ষণিক, ১ মিনিট পিছত আৰু ৩০ মিনিট পিছত। যদি তাৎক্ষণিকত ব্যৱহাৰকাৰীয়ে ক্লিক কৰে, তেন্তে ব্যৱহাৰকাৰীয়ে হোৱাটছএপত প্ৰতিটো মেছেজ খোলাৰ বাবে ফিংগাৰপ্ৰিন্টৰ সহায় ল'ব লাগিব। ঠিক তেনেকৈয়ে ১ মিনিট পিছত বা ৩০ মিনিট পিছত অপশ্যন বাছনি কৰিলে ব্যৱহাৰকাৰীয়ে সেই নিৰ্দিষ্ট সময়ৰ পিছত হোৱাটছএপ খুলিবলৈ হ'লে ফিংগাৰপ্ৰিন্টৰ ব্যৱহাৰ কৰিব লাগিব।