Zombie Virus
Zombie Virus 
মুখ্য-পৃষ্ঠা

Zombie Virus: ক’ৰোনা গ’ল ! এইবাৰ আহিছে জম্বি ভাইৰাছ

Asomiya Pratidin

ডিজিটেল ডেস্ক: প্ৰায় দুটা বছৰ এক প্ৰকাৰ সন্ত্ৰাস সৃষ্টি কৰা ক’ৰোনা ভাইৰাছৰ পাছত এইবাৰ আকৌ আবিৰ্ভাৱ হৈছে আন ভাইৰাছ।ৰাছিয়াত আবিৰ্ভাৱ হোৱা এই ভাইৰাছৰ নাম জম্বি ভাইৰাছ।

বিশ্বব্যাপী অতিমাত্ৰা হাৰত বৃদ্ধি হোৱা উষ্ণতাৰ ফলত হিমবাহ আৰু পাৰ্মাফ্ৰষ্ট ক্ৰমান্বয়ে গলিবলৈ ধৰিছে।ফলত বছৰ বছৰ ধৰি বৰফৰ ভিতৰত আৱদ্ধ হৈ থকা বেক্টেৰিয়া আৰু ভাইৰাছবোৰ মুক্ত হৈ পৰিছে।গলি যোৱা বৰফৰ পৰা পুনৰুজ্জীৱিত হোৱা এনে এটা এমিবা ভাইৰাছেই হৈছে জম্বি ভাইৰাছ।

বৰফৰ ভিতৰত আৱদ্ধ হৈ থকাৰ বাবে জম্বি ভাইৰাছ বহু বছৰ ধৰি নিষ্ক্ৰীয় হৈ আছিল।বিজ্ঞানীসকলৰ মতে, ৪৮,৫০০ বছৰ অৰ্থাৎ প্ৰায় ৫০ বছৰৰ পাছত সক্ৰিয় হৈ পৰিছে এই জম্বি ভাইৰাছ।

একাংশ গৱেষকৰ মতে, বছৰ বছৰ ধৰি নিষ্ক্ৰীয় হৈ থকাৰ পিছত পুনৰ জীৱিত হোৱা প্ৰাচীন হিমায়িত এই ভাইৰাছে জনস্বাস্থ্যৰ প্ৰতি তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিব পাৰে।এই জম্বি ভাইৰাছে দেহত সংক্ৰমণ সৃষ্টি কৰি মানুহৰ জীৱনলৈ অমানিশা নমাই আনিব পাৰে।ইফালে,ফৰাচী বিজ্ঞানীসকলে জম্বি ভাইৰাছৰ পুনৰুজ্জীৱিত হোৱাৰ পিছত আন এক মহামাৰী সৃষ্টিৰ আশংকা কৰিছে। প্ৰাচীন অজ্ঞাত এই ভাইৰাছৰ প্ৰভাৱ মানুহৰ লগতে উদ্ভিদ আৰু জন্তুৰ দেহটো এশ শতাংশই পৰাৰ সম্ভাৱনীয়তা প্ৰকাশ কৰিছে বিজ্ঞানীসকলে।

বিজ্ঞানীসকলে দিয়া সতৰ্কবানী অনুসৰি, পৃথিৱীৰ উত্তৰ গোলাৰ্ধৰ প্ৰায় এক চতুৰ্থাংশ পাৰ্মাফ্ৰষ্টেৰে ভৰপূৰ, য'ত স্থায়ীভাৱে হিমায়িত বেক্টেৰিয়া আৰু ভাইৰাছ থাকে। জলবায়ু ক্ৰমান্বয়ে গৰম হৈ থকাৰ ফলত পাৰ্মাফ্ৰষ্ট অপৰিৱৰ্তনীয়ভাৱে গলি আছে।ইয়াৰ ফলত হিমায়িত জৈৱিক পদাৰ্থ মুকলি হৈ পৰিছে।এই জৈৱিক পদাৰ্থবোৰ মিথেন আৰু কাৰ্বন ডাই অক্সাইডলৈ ৰূপান্তৰিত হৈ সেউজগৃহৰ সৃষ্টি কৰে।