মুখ্য-পৃষ্ঠা

জমি উঠিছে বংগৰ উপ-নিৰ্বাচনঃ ভৱানীপুৰ মমতাক এৰি খাৰদাহালৈ সোৱণদেৱ, আজি দাখিল কৰিব মনোনয়ন…

asomiyapratidin

ডিজিটেল ডেস্কঃ শুক্ৰবাৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ভৱানীপুৰ বিধানসভা সমষ্টিৰ উপনিৰ্বাচনৰ বাবে নিজৰ মনোনয়ন দাখিল কৰিব। উল্লেখ্য যে বংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বিধানসভা নিৰ্বাচনত নন্দীগ্ৰাম আসনৰ পৰা প্ৰতিদ্বন্দিতা কৰিছিল কিন্তু বিজেপি প্ৰাৰ্থী শুভেন্দু অধিকাৰীৰ হাতত ১,৯৫৬ টা ভোটত পৰাজিত হৈছিল।

আইন অনুসৰি, মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ৫ নৱেম্বৰৰ পূৰ্বে ৰাজ্যিক বিধানসভাৰ সদস্য হ'ব লাগিব। মনকৰিবলগীয়া যে ভৱানীুৰ বিধানসভা সমষ্টিৰ বিধায়ক হিচাপে নিৰ্বাচনত বিজয় সাব্যস্ত কৰিছিল তৃণমূল কংগ্ৰেছৰ সোৱণদেৱ চট্টোপাধ্যায়ে। তেওঁ মমতা চৰকাৰৰ কেবিনেটত কেবিনেট মন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰি আহিছে।

এইগৰাকী সোৱণদেৱ চট্টোপাধ্যায়ে মমতাৰ বাবে ভৱানীপুৰ আসনখন খালী কৰিছে। সোৱণদেৱে ভৱানীপুৰ মমতাৰ বাবে এৰি খাৰদাহা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিব।