মুখ্য-পৃষ্ঠা

পশ্চিম কাৰ্বি আংলঙত এন আৰ চিৰ পৰা নাম বঞ্চিত কৰাৰ অভিযোগত গোৰ্খা সকলৰ প্ৰতিবাদ, VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, হামৰেণঃ পশ্চিম কাৰ্বি আংলঙৰ হামৰেণত গোৰ্খা জনগোষ্ঠীৰ উত্তাল প্ৰতিবাদ।হামৰেণ জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত দুই সহস্ৰাধিক গোৰ্খা জনগোষ্ঠীৰ লোকে সাব্যস্ত কৰে এই প্ৰতিবাদ। 'অসম চৰকাৰ হায় হায়! ভাৰত চৰকাৰ হায় হায়! প্ৰতীক হাজেলা গ' বেক' আদি ধ্বনিৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী ।

এন আৰ চিত গোৰ্খা জনগোষ্ঠীৰ লোকৰ নাম বিনা চৰ্তে অন্তৰ্ভুক্তি কৰা, গোৰ্খা জনগোষ্ঠীৰ লোকক ডি ভোটাৰৰ নামত কৰা অত্যাচাৰ বন্ধ কৰা আদিৰ দাবীত ৰূপায়ন কৰে এই প্ৰতিবাদী কাৰ্য্যসুচী।অখিল অসম গোৰ্খা ছাত্ৰ সংস্থাৰ পশ্চিম কাৰ্বি আংলং জিলা সমিতিৰ নেতৃত্বত অসম গোৰ্খা সন্মিলন,ভাৰতীয় গোৰ্খা পৰিসংগ,অসম নেপালী সাহিত্য সভাই যৌথ ভাবে সাব্যস্ত কৰে এই প্রদিবাদী কাৰ্যসূচী।