মুখ্য-পৃষ্ঠা

পশ্চিমবংগত ভূমিস্খলন, ব্যাহত যান-বাহন চলাচল

asomiyapratidin

ডিজিটেল ডেস্কঃ পশ্চিমবংগত হৈ থকা ধাৰাবাহিক বৰষুণৰ বাবে ৰাজ্যখনৰ  বিভিন্ন স্থানত ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে। ৩১ (এ) নং ৰাষ্ট্ৰীয় ঘাইপথত হোৱা এই ভূমিস্খলনত পথৰ ওপৰতে বাগৰি পৰে গছ-গছনি। ইয়াৰ ফলত এই পথছোৱাৰে যান-বাহন চলাচল পুৱাৰে পৰা ব্যাহত হৈ আছে।

অৱশ্যে কেবাঘণ্টাৰ প্ৰচেষ্টাৰ অন্তত উক্ত পথটোৰে পুনৰ যান-বাহন চলাচল অব্যাহত কৰা হয়। আনহাতে দাৰ্জিলিং জিলাৰ ছেভ'কে নামৰ স্থানতো পথৰ ওপৰত সমীপৰ পাহাৰৰ পৰা শিল আৰু মাটি খহি পৰাত ১০ নং ৰাষ্ট্ৰীয় ঘাইপথটো যান-বাহন চলাচল বন্ধ হৈ পৰে। উক্ত পথটো ক্ষীপ্ৰতাৰে ভূমিস্খলনৰ শিল-মাটি আঁতৰাই যাতায়াতৰ বাবে মুকলি কৰে প্ৰশাসনৰ লোকে।