মুখ্য-পৃষ্ঠা

আমফানত পশ্চিম বংগত ১লাখ কোটি সা-সম্পত্তি নষ্টৰ আশংকা মুখ্যমন্ত্ৰীৰ…

asomiyapratidin

ডিজিটেল ডেস্কঃ প্ৰলংয়কাৰী ধুমুহা আমফানত বিধ্বস্ত পশ্চিম বংগ। বৰ্তমানলৈ ১২গৰাকী লোকৰ মৃত্যু হোৱা ৰাজ্যখনত ৬০০০ৰো অধিক পৰিয়াল গৃহহীন হৈছে। মুখ্যমন্ত্ৰী মমদতা বেনাৰ্জীয়ে নিজে দুৰ্যোগ নিয়ন্ত্ৰণ কক্ষত বহি সকলো দিশ তদাৰক কৰিছিল বুধবাৰে। কলকাতা আৰু ইয়াৰ ওচৰৰ অঞ্চলতবোৰত ঘন্টাত ১৩৩-১৮৫ কিঃমিঃ বেগেৰে বলা বতাহত তচনচ হৈ গ'ল বহু লোকৰ সা-সম্পত্তি।

পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে আমফানৰ সন্দৰ্ভত মন্তব্য কৰিছে যে, আমফানৰ প্ৰভাৱ পশ্চিম বংগত কোৰোনাতকৈ ভয়াৱহ। তেওঁ এই ধুমুহাত ৰাজ্যখনত ১ লাখ কোটি সা-সম্পত্তি ক্ষতিগ্ৰস্থ হোৱাৰ আশংকা কৰে। তেওঁ লগতে কয়, পশ্চিম বংগৰ দুখন জিলাক একেবাৰে তচনচ কৰি দিলে আমফানে। উল্লেখ্য যে, আমফানৰ প্ৰলয়ৰ কথা অনুধাৱন কৰিয়েই বুধবাৰে উৰিষ্যা আৰু পশ্চিম বংগত কমেও ৬.৫৮ লাখ মানুহক সুৰক্ষিত স্থানলৈ স্থানা্ন্তৰ কৰা হৈছিল।