মুখ্য-পৃষ্ঠা

বিজেপি-তৃণমূল কংগ্ৰেছ কৰ্মীৰ মাজত সংঘৰ্ষ, ভাঙিলে বাছ, জ্বলালে বাইক… চাওঁক VIDEO

asomiyapratidin

ডিজিটেল ডেস্কঃ পশ্চিমবংগত বিজেপি ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ এক ৰেলীৰ পাছত বিজেপি আৰু তৃণমূল কংগ্ৰেছৰ কৰ্মকৰ্তাৰ মাজত সৃষ্টি হয় তুমুল সংঘৰ্ষ। মঙলবাৰে ৰাজ্যখনৰ পূব মিদনাপুৰত সংঘটিত হয় দুই দলৰ নেতা-কৰ্মীৰ মাজত এই সংঘৰ্ষ।

দৰাচলতে তৃণমূল কংগ্ৰেছৰ এটা কাৰ্যালয়ত আচবাব ভঙাৰ ঘটনাৰ বিপৰীতে বিজেপি নেতা-কৰ্মীক লৈ যোৱা বাহনলৈ লক্ষ্য কৰি আক্ৰমণ কৰাৰ ঘটনা সংঘটিত হয়। ৰেলীলৈ যোৱা বিজেপি কৰ্মীৰ সূত্ৰ অনুসৰি, এই সংঘৰ্ষত গুৰুতৰভাৱে আহত হয় তিনিজন লোক। যি কেইখন বাছেৰে বিজেপি নেতা-কৰ্মীয়ে ৰেলীৰ কাৰ্যসূচী সম্পন্ন কৰি উভতি গৈছিল, সেই বাহন কেইখনত তৃণমূল কংগ্ৰেছ কৰ্মীয়ে আক্ৰমণ চলোৱাৰ লগতে অগ্নি সংযোগ কৰা বুলি জানিব পৰা গৈছে।

আনহাতে, তৃণমূল কংগ্ৰেছে অভিযোগ উত্থাপন কৰি কয় যে- বিজেপি কৰ্মীয়ে তৃণমূল কংগ্ৰেছে কাণ্ঠীস্থিত এটা স্থানীয় কাৰ্যালয়ৰ আচবাব ভাঙি লণ্ড-ভণ্ড কৰে। তেওঁলোকে জনায় যে- এই ঘটনাৰ পাছতেই তৃণমূল কংগ্ৰেছৰ একাংশ কৰ্মী ক্ষোভিত হৈ প্ৰত্যুত্তৰ দিয়াত এই সংঘৰ্ষৰ সৃষ্টি হয়।

এই ঘটনা সন্দৰ্ভত ৰাজ্যখনৰ বিজেপি অধ্যক্ষ দিলীপ ঘোষে কয়- 'আমাৰ দলৰ সমৰ্থকসকলে যেতিয়া অমিত শ্বাহ নেতৃত্বাধীন ৰেলীৰ পৰা উভতি আহিছিল, তেতিয়া তেওঁলোকৰ ওপৰত তৃণমূল কংগ্ৰেছৰ কৰ্মীয়ে আক্ৰমণ চলায়। এয়া অতি লজ্জাজনক। আমি এই সন্দৰ্ভত আলোচনা কৰিম।' অন্যহাতে, তৃণমূল কংগ্ৰেছৰ জ্যেষ্ঠ নেতা সুবেদ অধিকাৰীয়ে অভিযোগ উত্থাপন কৰে যে, বিজেপিয়ে ৰাজ্যখনৰ শান্তি আৰু স্থায়িত্ব ভংগ কৰাৰ চেষ্টা চলাই আছে।