মুখ্য-পৃষ্ঠা

বিজেপি বিধায়কৰ আত্মহত্যা!

asomiyapratidin

ডিজিটেল ডেস্কঃ বিজেপিৰ এজন বিধায়কে আত্মহত্যা কৰিছে পশ্চিম বংগত। নৰ্থ ডিনাজপুৰ জিলাৰ এখন বজাৰত ওলমি থকা অৱস্থাত উদ্ধাৰ কৰা হয় বিধায়কগৰাকীৰ মৃতদেহ। প্ৰাথমিক অনুসন্ধানত আৰক্ষীয়ে এই ঘটনাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই যদিও একাংশই তেওঁ আত্মহত্যা কৰা বুলি দাবী কৰিছে।

হেমতাবাদ বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচিত দেবেন্দ্ৰ নাথ ৰয় নাম এই বিধায়কগৰাকী চি পি আই এমৰ পৰা পশ্চিম বংগৰ বিধানসভালৈ নিৰ্বাচিত হৈছিল যদিও পৰৱৰ্তী সময়ত ২০১৯চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বেই বিজেপিত যোগদান কৰিছিল।

ইফালে বিজেপিৰ পশ্চিম বংগৰ নেতৃত্বই বিধায়কজনে আত্মহত্যা কৰা নাই বূুলি দাবী কৰি তেওঁক হত্যা কৰাৰ পাছত এইদৰে ওলমাই ৰখা বুলি অভিযোগ তুলিছে।