মুখ্য-পৃষ্ঠা

শুকুৰবাৰে পশ্চিমবংগত উপস্থিত হ’ব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং…

asomiyapratidin

ডিজিটেল ডেস্কঃ শুকুৰবাৰে পশ্চিমবংগ ভ্ৰমণলৈ যাব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং। টুইটাৰযোগে এই কথা সদৰী কৰিলে তেওঁ। টুইটাৰত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে লিখিছে- 'কাইলৈ অৰ্থাৎ ২৬ ফেব্ৰুৱাৰীত মই পশ্চিমবংগৰ বালুৰঘাটত উপস্থিত থাকিম। তাত মই এক ৰোড শ্ব'ত অংশ ল'ম।'

ইফালে, বৃহস্পতিবাৰে পুৱা পশ্চিমবংগ বিজেপিৰ উপ সভাপতি অৰ্জুন সিঙে সদৰী কৰে যে, ভাৰতীয় জনতা পাৰ্টীৰ পৰিবৰ্তন যাত্ৰা বাতিল কৰা হৈছে। মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ নিৰ্দেশতে আৰক্ষীয়ে দলটোৰ ৰেলীত অনুমতি নিদিয়া বুলি অভিযোগ কৰিছিল তেওঁ।