মুখ্য-পৃষ্ঠা

আমি কোৰোনাৰ সৈতে যুঁজিম আৰু তাক হজম কৰিমঃ বজাৰত ‘কোৰোনা মিঠাই’

asomiyapratidin

ডিজিটেল ডেস্কঃ সমগ্ৰ বিশ্বত কোৰোনাৰ সন্ত্ৰাস। কোৰোনাৰ সৈতে মোকাবিলা কৰিব পৰা পথৰ সন্ধানত সকলো দেশ ব্যস্ত। ব্যক্তিগতভাৱেই হওক বা ৰাজহুৱাভাৱেই হওক, কোৰোনাৰ পৰা বাচিবলৈ বহুতে সজাগতা অভিযান অব্যাহত ৰাখিছে। কিন্তু এনে সময়তে কলকাতাৰ এখন মিঠাই দোকানৰ আজৱ কাণ্ড পোহৰলৈ আহিছে।

বংগৰ এই মিঠাই দোকানখনত বিভিন্ন সুস্বাদু মিঠাইৰ লগতে নতুকৈ প্ৰস্তুত কৰা হৈছে এটা মিঠাই, নাম-কোৰোনা মিঠাই। কোৰোনা ভাইৰাছৰ আকাৰত প্ৰস্তুত কৰা এই মিঠাইটো বিভিন্নজনে ক্ৰয়ো কৰিছে। এনেধৰণে কিয় মিঠাই প্ৰস্তুত কৰা হৈছে বুলি সোধা সাংবাদিকৰ প্ৰশ্নত দোকানৰ গৰাকীয়ে কয়, কোৰোনা ভাইৰাছে সহস্ৰাধিকজনৰ প্ৰাণ লৈছে। এনে সময়ত বিশ্বৰ কোটি কোটি লোকক এই বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছো যে, আমি কোৰোনাৰ সৈতে যুঁজিম আৰু তাক হজম কৰিম। মিঠাইটো প্ৰস্তুত কৰা আৰু বেলেগ উদ্দেশ্য নাই।'