মুখ্য-পৃষ্ঠা

‘জয় শ্ৰীৰাম’ ধ্বনিৰ পাছতেই ভাষণ নিদিয়াকৈ আঁতৰি গ’ল মমতা বেনাৰ্জী…VIDEO

asomiyapratidin

ডিজিটেল ডেস্কঃ শনিবাৰে কলকাতাৰ ভিক্টোৰীয়া মে'মৰিয়েলত আয়োজন কৰা হয় পৰিক্ৰমা দিৱস।  এই অনুষ্ঠানটিত দেখা গ'ল এক বিৰল ঘটনা। উক্ত অনুষ্ঠানত আমন্ত্ৰিত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ভাষণ নিদিওঁ বুলি কৈ আঁতৰি গ'ল মাইকৰ কাষৰ পৰা।

দৰাচলতে, যেতিয়া মমতা বেনাৰ্জীক ভাষণ দিবলৈ আমন্ত্ৰণ কৰা হৈছিল সেই সময়তে অনুষ্ঠানটিত উপস্থিত একাংশ লোকে 'জয় শ্ৰীৰাম' ধ্বনি দিয়ে আৰু তাৰপাছতেই ক্ষোভিত হৈ পৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী গৰাকী।

তেওঁ কয়- 'চৰকাৰী অনুষ্ঠানবোৰৰ সন্মান থাকিব লাগে। এয়া কোনো ৰাজনৈতিক দলৰ অনুষ্ঠান নহয়। কলকাতাত প্ৰধানমন্ত্ৰী মোডী আৰু সাংস্কৃতিক মন্ত্ৰালয়ে উক্ত অনুষ্ঠান অনুষ্ঠিত কৰাৰ বাবে মই কৃতজ্ঞ। কিন্তু কাৰোবাক নিমন্ত্ৰণ কৰি অপমান কৰা আপোনালোকক শোভা নিদিয়ে। ইয়াৰ প্ৰতিবাদত মই একো নকওঁ। জয় হিন্দ, জয় বাংলা।'