মুখ্য-পৃষ্ঠা

দুই বৃদ্ধ-বৃদ্ধাই দেখুৱালে সাহসঃ অস্ত্ৰধাৰী ডকাইতেৰে কৰিলে যুঁজ, VIDEO

asomiyapratidin

ডিজিটেল ডেস্কঃ ৭০ বছৰীয়া বৃদ্ধজনে বাৰান্দাতে চকী এখনত বহি আছিল। তেনেতে পিছফালৰ পৰা এজনে এখন কাপোৰেৰে ডিঙিত মেৰিয়াই ধৰে বৃদ্ধজনৰ। তাৰ পিছত আৰম্ভ হয় টনা-আজোৰা। বৃদ্ধৰ চিঞৰ শুনি ঘৰৰ ভিতৰৰ পৰা ওলাই আহে ৬৪ বছৰীয়া বৃদ্ধাগৰাকী। আহি দেখে দুই অস্ত্ৰধাৰী ডকাইতে তেওঁৰ স্বামীক হত্যাৰ চেষ্টা চলাইছে। তাৰ পিছতে বৃদ্ধাগৰাকীয়ে স্বামীক ৰক্ষা কৰিবলৈ ডকাইতজনৰ গালৈ নিক্ষেপ কৰে জোতা, চেন্দেল।

তামিলনাডুৰ তিৰুনেবেলীৰ এহাল বৃদ্ধ দম্পত্তিৰ সৈতে দুই অস্ত্ৰধাৰী ডকাইতৰ এই দৃশ্য বন্দী হৈছে চিচি কেমেৰাত। যি এতিয়া ছ'চিয়েল মিডিয়াযোগে ভাইৰেল হৈ পৰিছে। জানিব পৰা মতে, এই ঘটনা সংঘটিত হৈছিল ১১ আগষ্টত।

ঘটনা অনুসৰি বাৰান্দাত বহি থকা বৃদ্ধ দম্পত্তিহালৰ বাসগৃহত ডকাইতিকাণ্ড সংঘটিত কৰিবলৈ আহিছিল দুই অস্ত্ৰধাৰী ডকাইত। কিন্তু বাৰান্দাত বৃদ্ধজনক বহি থকা দেখি এজন ডকাইতে প্ৰথমে বৃদ্ধজনক পিছফালৰ পৰা কাপোৰৰ ৰচীৰে ডিঙিত ফাঁচী লগাই হত্যাৰ চেষ্টা চলাই। আনহাতে ঘৰৰ ভিতৰৰ পৰা বাৰান্দালৈ ওলাই অহা বৃদ্ধাগৰাকীকো চোকা অস্ত্ৰৰে আক্ৰমণ কৰিবলৈ খেদি আহে অন্য এজন ডকাইতে।

কিন্তু বৃদ্ধ দম্পত্তিহালে ডকাইত দুজনৰ ওচৰত পৰাজয় স্বীকাৰ কৰিবলৈ ৰাজী নহ'ল। তাৰ পৰিৱৰ্তে সন্মুখত যি পাই তাৰেই দুয়োজনে অস্ত্ৰধাৰী ডকাইত দুজনৰ ওপৰত আক্ৰমণ চলালে। চকী, চেন্দেল, জোতাৰে আক্ৰমণ কৰি অৱশেষত তেওঁলোকে ডকাইত দুজনক তাৰ পৰা খেদি পঠিয়াবলৈ সক্ষম হয়।

ইফালে ছ'চিয়েল মিডিয়াত এই লোকহৰ্ষক দৃশ্যৰ ভিডিঅ' ভাইৰেল হৈ পৰাৰ পিছতে বৃদ্ধ দম্পত্তিহালৰ সাহসিকতাৰ শলাগ লৈছে সকলোৱে। অন্যায়ক প্ৰতিৰোধ কৰাত বয়স কেতিয়াও হেঙাৰ হ'ব নোৱাৰে বুলি মন্তব্য কৰিছে বহুতে। কিয়নো ৭০ বছৰীয়া বৃদ্ধ আৰু ৬৪ বছৰীয়া বৃদ্ধাগৰাকী তাৰেই প্ৰমাণ।