মুখ্য-পৃষ্ঠা

পইচা দিয়ক আৰু ভোটাধিকাৰ লওঁক! ভোটাধিকাৰৰ বাবদ উৎকোচৰ অভিযোগ গাঁওবুঢ়াৰ বিৰুদ্ধে

asomiyapratidin

ডিজিটেল সংবাদ, চেঙাঃ ভোটাধিকাৰ পাবলৈ আপুনি ভৰিব লাগিব পাৰে বৃহৎ ধন! উৎকোচ নিদিলে আপুনি দুই-তিনি বছৰ তাতঁ-বাতি কাঢ়িবলগীয়াও হ'ব পাৰে গাঁওবুঢ়াৰ ঘৰলৈ। চেঙা ৰাজহ চক্ৰৰ অন্তৰ্গত লহী-লহৰা-কেদেঘী-শালমাৰা গাঁৱৰ গাঁওবুঢ়া জালাল আলীৰ বিৰুদ্ধে উঠিছে উৎকোচ দাবীৰ অভিযোগ।

সাংবাদিক দেখি পলাব বিচৰা এইজন গাঁওবুঢ়াক পৰা উৎকোচ নিদিলে ভোটাধিকাৰৰ বাবে নাপায় প্ৰমাণ পত্ৰ। লহী গাঁৱৰ ছাহজাহান আলীৰ পত্নীৰ ভোটাধিকাৰৰ বাবে এইজন গাঁওবুঢ়াই তিনি হাজাৰ টকা উৎকোচ বিচৰা বুলি অভিযোগ তুলিছে ছাহজাহান আলীয়ে।

উৎকোচ নিদিয়াৰ বাবে লহী গাঁৱৰ ভোটাধিকাৰ নাপালে ছাহজাহান আলীৰ পত্নী ৰূপভানু আকন্দে।পিছত উপায় বিহীন হৈ ৰূপভানু আকন্দে পিতৃৰ গাঁও কাকধোৱাৰ ভোটাধিকাৰ ল'বলৈ বাধ্য হয়।

আনহাতে গাঁওবুঢ়াৰ একোখন প্ৰমাণ পত্ৰৰ বাবে এশ, দুশ, তিনিশ, পাঁচশ টকা পৰ্যন্ত উৎকোচ লোৱা বুলি স্থানীয় লোকে অভিযোগ দিছে গাঁওবুঢ়া জালাল আলীৰ বিৰুদ্ধে। বিভাগীয় কতৃপক্ষই জালাল আলীৰ বিৰুদ্ধে কি পদক্ষেপ গ্ৰহণ কৰে লক্ষ্যণীয় হ'ব !