মুখ্য-পৃষ্ঠা

বিকাশ ডুবেৰ শেষকৃত্যত অংশ লৈ পত্নীয়ে ক’লেঃ তেওঁ ভুল কৰিছিল, তাৰ পৰিণাম পালে…

asomiyapratidin

ডিজিটেল ডেস্কঃ ৭গৰাকীকৈ আৰক্ষীৰ লোকক হত্যা কৰি হাত ৰাঙলী কৰা কুখ্যাত অপৰাধী বিকাশ ডুবেৰ এনকাউন্টাৰৰ পাছতে উত্তৰ প্ৰদেশ আৰক্ষীৰ ওপৰত না না প্ৰশ্ন উত্থাপিত হৈছে। এনে পৰিস্থিতিৰ মাজতে শুকুৰবাৰে বিকাশ ডুবেৰ শেষকৃত্য সম্পন্ন কৰা হয়। এই অনুষ্ঠানত উপস্থিত আছিল ডুবেৰ পত্নী ৰিছা।

শেষকৃত্য অনুষ্ঠানতে সংবাদ মাধ্যমৰ মুখামুখি হৈ ৰিছাই সংবাদ মাধ্যমকে এই ঘটনাৰ বাবে জগৰীয়া কৰে। এগৰাকী সংবাদিক প্ৰশ্নৰ উত্তৰ দি ৰিছাই অসন্তুষ্টিৰে কয়, হয় হয় আৰক্ষীয়ে ঠিকেই কৰিলে। বিকাশে ভুল কাম কৰিছিল আৰু তাৰ শেষ পৰিণাম এয়াই আছিল।