মুখ্য-পৃষ্ঠা

মই ৯০০০ কোটি টকা ঘূৰাই দিবলৈ সাজুঃ বিজয় মালিয়া

asomiyapratidin

ডিজিটেল ডেস্কঃ দেশ এৰি পলায়ন কৰা বিজয় মালিয়াই অৱশেষত চৰকাৰী বেংকৰ পৰা লোৱা ঋণ পৰিশোধ কৰিবলৈ সাজু হৈছে। সুৰা ব্যৱসায়ীজনে বুধবাৰে এক টুইটযোগে এই কথা সদৰি কৰে। টুইটটোত তেওঁ কয় যে- 'ৰাজনৈতিক নেতা আৰু সংবাদ মাধ্যমত প্ৰায়ে সম্প্ৰচাৰ কৰা হৈছে যে মই ধন লৈ পলায়ন কৰিছো। এইবোৰ সকলো মিছা। মোক মোৰ পৰিস্থিতিৰ বিষয়ে জনাবলৈ কিয় এবাৰো সুবিধা দিয়া হোৱা নাই। এইবোৰ বৰ দুখজনক।'

ইয়াৰোপৰি ব্যৱসায়ী মালিয়াই নিজ কোম্পানী কিংগফিশ্বৰ এয়াৰলাইন্সৰ লোকচান আৰু বেংকৰ পৰা লোৱা ঋণ সম্পৰ্কে কয় যে- 'কোম্পানীটো এটিএফৰ দাম বৃদ্ধি পোৱাৰ বাবে আৰ্থিক সংকটৰ সন্মুখীন হৈ আছিল। সেই বাবে দিনকদিন লোকচানৰ হাৰো বৃদ্ধি পাইছিল। মই বেংকৰ পৰা লোৱা সকলো মূলধন ঘূৰাই দিবলৈ সাজু।  বেংকে এই ধন লয় লোৱাটো বিচাৰো।'

'প্ৰথম কথা হ'ল মই লোৱা ধন সৰ্বসাধাৰণ আছিল। তেওঁলোকে এই ধন ঘূৰাই পাব লাগে। সেয়ে মই ১০০ শতাংশ মূলধনেই ঘূৰাই দিবলৈ ওলাইছো। মই বিনম্ৰভাৱে অনুৰোধ জনাইছো যে বেংকে এই ধন ঘূৰাই লওঁক। কিন্তু যদি বেংক আৰু চৰকাৰে এই ধন ঘূৰাই লোৱাত অমান্তি হয় তেন্তে কিয়? মোক জনাওঁক।'- এনেদৰে অন্য এক টুইটো কৰে বিজয় মালিয়াই। উল্লেখ্য যে, বিজয় মালিয়াৰ ওপৰত ৯০০০ কোটি টকা ঋণ পৰিশোধ নকৰাৰ অভিযোগ তৰা হৈছে।