মুখ্য-পৃষ্ঠা

নিশাৰ ৰাজপথত এটি অকলশৰীয়া ১-২ বছৰীয়া শিশু, আনন্দত আত্মহাৰা হৈ আছিল পিতৃ-মাতৃ, তাৰ পিছত…

asomiyapratidin

ডিজিটেল ডেস্কঃ নিশা সংঘটিত হৈছিল সেই ঘটনা। কেৰালাৰ মুন্নাৰৰ ৰাজপথত শনিবাৰে নিশা বিচৰণ কৰি আছিল এটা প্ৰায় ১-২ বছৰীয়া শিশুৱে। সেই দৃশ্য দেখি সকলো লোক আচৰিত হৈছিল। আচলতে শিশুটোৰ দিন ভাল আছিল কাৰণ ইমান ব্যস্ত এটা ৰাজপথত কোনো যান বাহনে খুন্দিওৱা নাছিল শিশুটোক।

তাৰ পিছতে বহু সময় ধৰি শিশুটি পথত ঘূৰি ফুৰিছিল। কোনো লোকে দেখিছিল যদিও তুলি লবলৈ ভয় কৰিছিল। কাৰণ কেচুঁৱাটো কাৰ সেই কথা কোনেও নাজানে। শিশুটো পথত ঘূৰি ফুৰা দৃশ্য বন্দী হৈছিল চি চি টি ভি কেমেৰাত। অৱশ্যে শিশুটো পথত ঘূৰি ফুৰাৰ খবৰ লাভ কৰিছিল আৰক্ষীয়ে। যাৰ বাবে নিশা প্ৰায় ১০ বজাত আৰক্ষীয়ে শিশুটো উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

প্ৰকৃততে শিশুটি পৰি গৈছিল এখন এছইউভি বাহনৰ পৰা। এটা মন্দিৰ দৰ্শন কৰি আনন্দত আত্মহাৰা হৈ ঘূৰি আহিছিল পৰিয়ালটো। সেই সময়তে এই ঘটনা সংঘটিত হৈছিল। অভিভাবকে সেই কথা গম পোৱা নাছিল। বন বিভাগৰ এজন লোকে প্ৰথমে শিশুৰ কান্দোন শুনিছিল। কাৰণ কণমানি শিশুটিয়ে মূৰত আঘাত পাইছিল। শিশুটিক উদ্ধাৰ কৰিছিল সন্তোষ কে এম নামৰ এগৰাকী আৰক্ষী বিষয়াই।

তাৰ পিছতেই সকলো আৰক্ষী থানাত খবৰ দিয়ে বিষয়াগৰাকীয়ে। আৰু নিশা ১১ বজাত সন্ধান ওলাইছিল পিতৃ-মাতৃৰ। ঘটনাটোৰ বিষয়ে জানিব পাৰি সকলো লোকে ক'লে, 'ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে।'