মুখ্য-পৃষ্ঠা

এক যোগ্য প্ৰত্যুত্তৰ দিবই লাগিবঃ পুলৱামাৰ ঘটনাক লৈ অভিনেতা বিকী কৌশলৰ প্ৰতিক্ৰিয়া

asomiyapratidin

ডিজিটেল ডেস্কঃ পুলৱামাত সন্ত্ৰাসবাদীৰ আক্ৰমণক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰে 'উৰিঃ দ্য ছাৰ্জিকেল ষ্ট্ৰাইক' ছবিখনৰ অভিনেতা বিকী কৌশলৰ। সন্ত্ৰাসবাদীৰ আক্ৰমণত শ্বহীদ হোৱা জোৱান সকলক লৈ তেওঁ শোক ব্যক্ত কৰে।

অভিনেতাগৰাকীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়- 'এই ঘটনাক মই ধিক্কাৰ দিছো। এয়া যেন মোৰ ব্যক্তিগত লোকচান। এক যোগ্য প্ৰত্যুত্তৰ দিয়াটো প্ৰয়োজন। দেশবাসী একত্ৰিত হ'ব লাগিব আৰু শ্বহীদসকলৰ পৰিয়ালক আমি মানসিক-আৰ্থিক দুয়ো প্ৰকাৰে সহায় কৰিব লাগিব। শ্বহীদ সকলৰ আত্মাৰ সদগতিৰ বাবে মই প্ৰাৰ্থনা জনাইছো।'