মুখ্য-পৃষ্ঠা

আজি আবেলি ৪ বজাত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ’ব বাজপেয়ীৰ

asomiyapratidin

ডিজিটেল ডেস্কঃ অটল বিহাৰী বাজপেয়ীৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ'ব আজি। প্ৰিয় নেতাজনক শেষ দৰ্শন কৰিবলৈ তেওঁৰ বাসগৃহ জনসমূদ্ৰত পৰিণত হৈছে। দেশৰ প্ৰতিজন নেতাৰ বাবে আদৰ্শ স্বৰূপ হৈ পৰা এই পিতামহ স্বৰূপ ৰাজনীতিবিদগৰাকীৰ নশ্বৰ দেহ তেওঁৰ দিল্লীৰ বাসগৃহত ৰখা হৈছে।

৯ বজাত তেওঁৰ নশ্বৰ দেহ দিল্লীৰ বিজেপিৰ মুখ্যকাৰ্যালয়লৈ নিয়া হ'ব। তাৰ পিছত দুপৰীয়া ১ বজাত তেওঁৰ নশ্বৰ দেহ ৰাষ্ট্ৰীয় স্মৃতিস্থললৈকে বিজেপিৰ মুখ্যকাৰ্যালয়ৰ পৰা শেষ সমদল বাহিৰ কৰা হ'ব। আবেলি ৪ বজাত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ'ব বাজপেয়ীৰ।

ইতিমধ্যে ভাৰত চৰকাৰে তেওঁৰ মৃত্যুত ৭দিনীয়া শোক ঘোষণা কৰিছে। কেবাখনো ৰাজ্যই ইতিমধ্যে আজিৰ দিনটোত চৰকাৰী বন্ধ ঘোষণা কৰিছে। সমগ্ৰ দেশত বাজপেয়ী কাট আউট আঁৰিছে তেওঁৰ গণমুগ্ধই। আজি পুৱা ৮.১০ বজাত আৰ এছ এছ প্ৰমুখ্য মোহন ভাগৱতে বাজপেয়ীক শেষ শ্ৰদ্ধাঞ্জলী জনায়।

বাজপেয়ীৰ অন্তিম যাত্ৰাৰ বাবে দুখনকৈ সেনাৰ গাড়ী সজাই তোলা হৈছে। বাজপেয়ীৰ অন্তিম যাত্ৰাত কেবালক্ষাধিক লোক চামিল হোৱাৰ সম্ভাৱনা আছে। দিল্লী আৰক্ষীয়ে যান-জঁটৰ প্ৰতি লক্ষ্য ৰাখি বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। তিনিবাৰ দেশৰ প্ৰধানমন্ত্ৰী হোৱা বাজপেয়ীৰ সাৰ্বজনিন জীৱন আছিল সকলোৰে বাবে প্ৰেৰণাদায়ক। বৃহস্পতিবাৰে এইমছত এই মহান নেতাজনৰ বিয়োগ ঘটিছিল।