মুখ্য-পৃষ্ঠা

বছৰি উপাৰ্জন ১ কোটি! শিঙৰা-কচৰী বিক্ৰী কৰা মুকেশৰ দোকানত চলিল আয়কৰ বিভাগৰ তালাচী…

asomiyapratidin

ডিজিটেল ডেস্কঃ এখন দোকান। উত্তৰপ্ৰদেশৰ আলিগড়ত আছে এই দোকানখন। কচৰী আৰু শিঙৰা বিক্ৰী হয় দোকানখনত। দোকানীজনে আয়কৰ বিভাগক দিয়া তথ্য অনুসৰি তেওঁ বছৰী এই দোকানৰ জৰিয়তে ৬০ লাখ টকা আয় কৰে।

১০-১২ বছৰ ধৰি এই দোকানখন মুকেশ নামৰ ব্যৱসায়ীজনে চলাই আহিছে।দোকানখনৰ সন্দৰ্ভত আয়কৰ বিভাগৰ স্থানীয় চোৰাংচোৱাই উচ্চপদস্থ বিষয়াক জনোৱাৰ পাছত ২১ জুনত তেওঁৰ দোকানলৈ আহে আয়কৰ বিভাগৰ এটা দল। আহিয়েই তেওঁলোকে এই দোকানখনত ৬০ লাখ টকাৰো অধিক বছৰী উপাৰ্জন কৰাৰ কথা নিশ্চিত কৰে।

লগতে আয়কৰ বিভাগৰ দলটোৰ অনুসন্ধানত পোহৰলৈ আহে যে, দোকানীজনে জি এছ টিও পঞ্জীয়ন কৰা নাই। এই দোকানখনৰ সন্দৰ্ভত অনুসন্ধান কৰা বিষয়াসকলৰ মতে, প্ৰাথমিক অনুসন্ধানত বছৰী দোকানৰ বিক্ৰী ৬০ লাখ টকা বুলি অনুমান কৰা হৈছে যদিও, ইয়াৰ পৰিমান কোটি টকাৰো অধিক হ'ব পাৰে।

এই দোকানখনত কিদৰে বিক্ৰী হয় সেয়া জানিবলৈ ২০ জুনৰ পৰাই তাত আয়কৰ বিভাগে দৃষ্টি ৰাখিছিল। পৰিয়ালৰ সদস্যসকলে চলোৱা এই দোকানখন পুৱা ৪ বজাৰ পৰাই খোলে আৰু তাৰ পাছৰ পৰাই দোকানখনত গ্ৰাহকৰ লানি লাগে।

ইফালে, আয়কৰ বিভাগৰ এই স্থিতিৰ পাছত মুকেশে কৈছে- 'এইবোৰৰ বিষয়ে মই একো নাজানো। কোনেও মোক এই প্ৰক্ৰিয়া সন্দৰ্ভত কোৱা নাই। আমি অতি সৰু মানুহ। কচৰী আৰু শিঙৰা বিক্ৰী কৰি পেট প্ৰবতাইছো।'

উল্লেখযোগ্য যে, আয়কৰ বিভাগৰ বিষয়াৰ সন্মুখত মুকেশে এই দোকানৰ পৰা হোৱা আয় আৰু ব্যয় সন্দৰ্ভত তথ্য দিয়াৰ সময়ত চকু কঁপালত উঠিছিল বিষয়াসকলৰ। কোনেও কল্পনা কৰিব নোৱাৰে যে, এখন কচৰী আৰু শিঙৰা বিক্ৰী কৰা দোকান কৰা কোনো লোকে বছৰী ১ কোটি টকাৰো অধিক উপাৰ্জন কৰিব পাৰে।