মুখ্য-পৃষ্ঠা

পৰ্যটন মন্ত্ৰীৰ পত্নীৰ দেহত কোৰোনা ভাইৰাছ…

asomiyapratidin

ডিজিটেল ডেস্কঃ কোৰোনাৰ প্ৰকোপ দিনক দিনে বৃদ্ধি পাইছে ভাৰতত। শেহতীয়াকৈ খবৰ আহিছে যে, উত্তৰাখণ্ডৰ পৰ্যটনমন্ত্ৰীৰ সত্যপাল মহাৰাজৰ পত্নীৰ দেহত ধৰা পৰিছে কোৰোনা ভাইৰাছ। উল্লেখ্য যে, কোৰোনাত আক্ৰান্ত অমৃতা ৰাৱটো এগৰাকী প্ৰাক্তন মন্ত্ৰী। হৰিশ ৰাৱট নেতৃত্বধীন উত্তৰাখণ্ড চৰকাৰৰ মন্ত্ৰী হিচাপে কাৰ্যনিবাহ কৰিছিল অমৃতা ৰাৱটে। বৰ্তমান তেওঁক ঋষিকেশস্থিত এইমছ ভৰ্তি কৰা হৈছে।

ইফালে অমৃতা ৰাৱট কোৰোনাত আক্ৰান্ত হোৱাৰ খবৰ ৰাজহুৱা হোৱাৰ পাছতে হাঁহাকাৰ পৰিৱেশ সৃষ্টি হৈছে উত্তৰাখণ্ড চৰকাৰত। কিয়নো কিছুদিনৰ পূৰ্বে চৰকাৰৰ এক বিশেষ বৈঠকত অংশ লৈছিল অমৃতা ৰাৱটে। উল্লেখ্য যে, উত্তৰাখণ্ডত কোৰোনাত আক্ৰান্তৰ সংখ্যা হৈছে ৭৪৯।