মুখ্য-পৃষ্ঠা

স্বাস্থ্যমন্ত্ৰীৰ বাহন বাগৰি পৰিল ৰাজপথত…

asomiyapratidin

ডিজিটেল ডেস্কঃ উত্তৰাখণ্ডৰ স্বাস্থ্যমন্ত্ৰীৰ বাহন দুৰ্ঘটনাগ্ৰস্থ। ৰাজ্যখনৰ স্বাস্থ্যমন্ত্ৰী ধন সিং ৰাৱাটৰ বাহন ৰাজপথত বাগৰি পৰে। মঙ্গলবাৰে সন্ধিয়া সংঘটিত হোৱা এই ঘটনাত মন্ত্ৰীজনৰ কনভয়ৰ বাহনকেইখনে এখনে আনখনক সংঘৰ্ষলৈ আহে।

উত্তৰাখণ্ডৰ থালিসেনাৰ পৰা ডেৰাডুনলৈ উভতি অহাৰ পথত সংঘটিত হোৱা এই ঘটনাত স্বাস্থ্যমন্ত্ৰী ধন সিং ৰাৱাটে সামান্যভাৱে আঘাতপ্ৰাপ্ত হৈছে। অৱশ্যে তেওঁৰ স্বাস্থ্য সংকটমুক্ত। ইয়াৰোপৰি তেওঁৰ সুৰক্ষাত ব্যস্ত থকা সুৰক্ষাকৰ্মীসকলো সুস্থ হৈ আছে।