মুখ্য-পৃষ্ঠা

উত্তৰপ্ৰদেশৰ বিধানসভাত পাছ হ’ল এন্টী লাভ জিহাদ বিধেয়ক-২০২১

asomiyapratidin

ডিজিটেল ডেস্কঃ উত্তৰপ্ৰদেশত লাভ জেহাদৰ দৰে ঘটনা প্ৰতিৰোধৰ বাবে অবৈধ ধৰ্ম পৰিৱৰ্তন বিধেয়ক ২০২১ বিধানসভাত পাছ হ'ল। এই বিধেয়ক অনুসৰি জোৰজবৰদস্তি ধৰ্ম সলনি কৰাৰ দৰে ঘটনাবোৰ যাতে সংঘঠিত হ'ব নোৱাৰে তাৰ বাবে এই বিধেয়ক পাছ কৰা হয়।

উল্লেখ্য যে, এই বিধেয়ক অনুসৰি এনে ঘটনা কোনো লোকে সংঘটিত কৰিলে ১ৰ পৰা ১০ বছৰ পৰ্যন্ত কাৰাবাসৰ শাস্তি বিহা হ'ব। লগতে ৫ লাখ টকা জৰিমনা বিহা হ'ব বুলি উল্লেখ কৰা হৈছে। বুধবাৰে পাছ কৰা এই এন্টী লাভ জিহাদ বিধেয়কখন হস্তাক্ষৰৰ বাবে ৰাজ্যপাললৈ প্ৰেৰণ কৰা হ'ব।