মুখ্য-পৃষ্ঠা

উত্তৰপ্ৰদেশত ১৬ অবৈধ বাংলাদেশী নাগৰিকক আটক

asomiyapratidin

ডিজিটেল ডেস্কঃ অবৈধ বাংলাদেশী নাগৰিকে বাহৰ পাতিছে উত্তৰ প্ৰদেশতো। মঙলবাৰে মথুৰাৰ পৰা আৰক্ষীয়ে ১৬ জন বাংলাদেশী নাগৰিক আৰু ৪টা শিশুক আটক কৰে।

বাংলাদেশৰ এই নাগৰিক কেইজনৰ পৰা আৰক্ষীয়ে লক্ষণীয়ভাৱে ভাৰত চৰকাৰে প্ৰদান কৰা নথিপত্ৰ লগতে আধাৰ কাৰ্ডো উদ্ধাৰ কৰে। এই লোক কেইজনে কোশী নামৰ ঠাইত এডোখৰ মাটিত অবৈধভাৱে বাসগৃহ সাজি বাস কৰিছিল। যোৱা দুবছৰ ধৰি তেওঁলোকে এইদৰে বাস কৰি আছিল বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ।